শিৱসাগৰ

মথুৰাপুৰ ঘাটোৱাৰ সমাজৰ প্ৰতিষ্ঠা দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ সোমবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সদৌ অসম ঘাটোৱাৰ সমাজৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৷ চৰাইদেউ জিলাৰ মথুৰাপুৰ,মাহমৰা,সোণাৰি,সাপেখাটি আৰু লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পাচতেই বৃক্ষৰোপণ কৰা হয় ৷

প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কুইজ,চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা অনুষ্ঠিত হয় । ইয়াৰ পাচতেই অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ এক অংগ ঘাটোৱাৰ সমাজৰ ভাষা, ৰীতি-নীতি, কলা-সংস্কৃতি প্ৰদৰ্শনেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ বিয়লি মুকলি সভা আৰু বঁটা বিতৰণ সভা অনুষ্ঠিত কৰা হয় ৷