শিক্ষাবিদ গোলাপ বৰগোঁহাই পৰলোক প্ৰাপ্তিঃ সোণাৰিত শোকৰ ছাঁ... 
শিৱসাগৰ

শিক্ষাবিদ গোলাপ বৰগোঁহাই পৰলোক প্ৰাপ্তিঃ সোণাৰিত শোকৰ ছাঁ...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ শিক্ষা জগতৰ বাটকটীয়া জ্ঞানৰ পোহৰ বিলাই যোৱা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোলাপ বৰগোঁহাইৰ পৰলোকপ্ৰাপ্তি । দীৰ্ঘদিন ধৰি বাৰ্ধক্য জনিত ভাবে শৰ্য্যাগত অৱস্থাত থকা শিক্ষাবিদগৰাকীৰ স্বগৃহতে আজি আবেলি ৩-৪৫ বজাত মৃত্যু হয় ।

১৯৩৪ চনত চৰাইদেউ জিলাৰ বৰহ গাঁঁৱত জন্মগ্ৰহণ কৰা গোলাপ বৰগোঁহাইয়ে ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা লৈ তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।

১৯৭০ চনত সোণাৰি মহাবিদ্যালয় প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে অশেষ কষ্ট আৰু ত্যাগৰ বিনিয়মত তেওঁ মহাবিদ্যালয়খন গঢ়দি অৱসৰলৈকে মহাবিদ্যালয়খনক জিলাখনৰ এখন অগ্ৰণী শিক্ষা অনুষ্ঠান হিচাপে পূৰ্ণাংগ ৰূপ দিবলৈ সক্ষম হৈছিল।

তেওঁৰ জীৱন কালত জিলাখনৰ বিভিন্ন ৰাজহুৱা, সামাজিক, শৈক্ষিক, ক্ৰীড়া, সংস্কৃতিক, ধৰ্মীয় আৰু ৰাজনৈতিক অনুষ্ঠান আৰু সংগঠনৰ সৈতে জড়িত আছিল । শিক্ষাব্ৰতী গোলাপ বৰগোঁহাইৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে ।

অগণন ৰাইজৰ লগতে এসময়ত ছাত্র হিচাপে পোৱা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে গোলাপ বৰগোঁহাইৰ বাসগৃত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত থিয় হৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত এজন পুত্ৰ তিনিগৰাকী কন্যাৰ লগতে আত্মীয়-স্বজন ইহসংসাৰত এৰি যায় ।

শুকুৰবাৰে পুৱা ৯ বজাত সোণাৰি মহাবিদ্যালয়ত তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি ৰাজহুৱা কৈ জনোৱাৰ পাছতে শেষকৃত সম্পন্ন কৰা হ'ব বুলি পৰিয়ালবৰ্গ‌ই জানিবলৈ দিয়ে ।