শিৱসাগৰ

অ’এনজিচিৰ বিষয়া-কৰ্মচাৰী অপহৰণৰ পৰিকল্পনাত জড়িত ৪ জনক কাৰাগাৰলৈ নিক্ষেপ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰ: অ’এনজিচিৰ বিষয়া-কৰ্মচাৰী অপহৰণৰ বাবে আলফা স্বাধীনে কৰা ভয়ংকৰ পৰিকল্পনাৰ তদন্তৰ পম খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ তালিকা দীঘলীয়া হোৱাটো নিশ্চিত হৈ পৰিছে ৷ আৰক্ষীয়ে এই পৰ্যন্ত ৫জন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও পৰিকল্পনাৰ মূল নায়ক আলফা স্বাধীনৰ নেতাক গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷

আলফা স্বাধীনৰ নেতা অভিজিত গগৈ ওৰফে আইচেং অসমৰ নেতৃত্বতেই অ’এনজিচিৰ অসম সম্পদৰ ই ভি-২০০০ IV ৰিগৰ পৰা বিষয়া কৰ্মচাৰী অপহৰণৰ বাবে ভয়ংকৰ পৰিকল্পনা কৰা হৈছিল বুলি স্পষ্ট কৰিছে আৰক্ষী বিভাগে ৷ আইচেং অসমে ভয়ংকৰ কূটাঘাতমূলক কাৰ্য সংঘটিতত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ৷

আনহাতে অ’এনজিচিৰ বিষয়া কৰ্মচাৰী অপহৰণৰ পৰিকল্পনাৰ লগত জড়িত থকাৰ সন্দেহেৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাবে বিচাৰি থকা এজন যুৱকে কালি নিশা শিৱসাগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ পৰিয়ালৰ লোকে তেওঁক শিৱসাগৰ থানাৰ আৰক্ষীক গতাই দিয়ে ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰা যুৱকজনৰ নাম জৰিফত আহমেদ ৷ তেওঁৰ ঘৰ শিৱসাগৰ চহৰৰ ধাইআলি অঞ্চলত ৷

বিগত ৫-৬ অক্টোবৰত আলফা স্বাধীনে সংঘটিত কৰিব লগীয়া অ ’এন জি চিৰ বিষয়া-কৰ্মচাৰী অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নাম সাঙুৰ খাইছিল ধাইআলিৰ জৰিফত আহমেদৰ ৷

উল্লেখ্য যে শিৱসাগৰ আৰক্ষীয়ে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা বাবুপট্টি মৃদুল পথৰ ইৰ্শ্বাদ লতিফ ওৰফে মিঠুৰ লগত জৰিফত আহমেদৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল ৷ হ’লেও জৰিফত আহমেদ অপহৰণৰ পৰিকল্পনাৰ লগত জড়িত নাছিল বুলি পৰিয়ালৰ লোকে দাবী কৰিছে ৷ স্থানীয় লোকৰ মতে জৰিফত আলফাৰ লগত বা আলফাই কৰা অপহৰণৰ পৰিকল্পনাৰ লগত কোনোপধ্যেই জড়িত হ’ব নোৱাৰে ৷

ঘটনাৰ লগত জড়িত নথকাৰ বাবেই যুৱকজনে সাহসেৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ সদৰ থানাত শীৰ্ষ বিষয়াই জৰিফত আহমেদক ঘটনাৰ সন্দৰ্ভত জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে ৷ অ’এনজিচিৰ বিষয়া কৰ্মচাৰী অপহৰণৰ পৰিকল্পনা আৰু প্ৰচেষ্টা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে অপৰাধ সংঘটিত কৰাৰ সকলো সম্ভাব্য কোণৰ বিশদ ভাৱে বিশ্লেষণ কৰিছে। 

আৰক্ষীৰ অনুসন্ধানত আলফা স্বাধীনৰ এজন জ্যেষ্ঠ কেডাৰ অভিজিত গগৈ ওৰফে আইচেং অসমেই সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড বুলি নিশ্চিত ৰূপত পোহৰলৈ অহা বুলি আৰক্ষীয়ে দাবী কৰিছে। আইচেং অসমে অপহৰণ কাণ্ড সংঘটিত কৰা ৰবাবে আন সক্ৰিয় আলফা স্বাধীনৰ কেডাৰক নিৰ্দেশ দিছিল ৷ ইতিপূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলো অভিযুক্তক অপহৰণ সম্পন্ন কৰিবলৈ নিয়োগ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে।

শিৱসাগৰ জিলাৰ আৰক্ষী প্ৰশাসনে অভিজিত গগৈ ওৰফে আইচেং অসমে শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত থকা চি আৰ পি এফ কেম্প গ্ৰেনেড বিস্ফোৰণ ঘটোৱাৰ লগতে  যোৱা ১৫ আগষ্ট বিভিন্ন স্থানত আই ই ডি স্থাপন কৰা বুলি দাবী কৰিছে ৷ তদুপৰি আলফা নেতা আইচেং অসমে শিৱসাগৰ সহিতে অন্যান্য জিলাত বিধ্বংসী আৰু ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপ চলাবলৈ অহৰহ চেষ্টা চলাই থকাৰ কথা দোহাৰি আৰক্ষী প্ৰশাসনে আইচেং অসমৰ বাবেই চৰকাৰী সম্পত্তি ধ্বংস আৰু লোকচান  সাধাৰণ নাগৰিকৰ বিস্তৰ ক্ষতি হোৱাৰ আশংকা কৰি গোচৰৰ তদন্ত চলাই থকাৰ কথা আৰক্ষীয়ে স্পষ্ট কৰি দিছে ৷ 

আলফাই অ’এনজিচিৰ বিষয়া অপহৰণৰ বাবে কৰা ভয়ংকৰ পৰিকল্পনা সন্দৰ্ভত বৰ্তমানলৈকে ইৰ্শ্বাদ লতিফ ওৰফে মিঠু , পোনজান আলী পথৰ চফিকুল ৰহমান, চিন্তামণিগড়ৰ ত্ৰিনয়ন বাৰুৱতী, শিৱসাগৰ ৰিৰিয়া গাঁৱৰ মুবিন হাজৰিকা আৰু ডিব্ৰুগড় জিলাৰ খেলমাটিৰ ৰাহুল হাজৰিকা ওৰফে লাডেনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইয়াৰে ৰাহুল হাজৰিকা আৰক্ষীয় শোৱাপাটীৰ পৰা উঠাই আনি কৰা এনকাউণ্টাৰত  আহত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷

বৰ্তমানো পলাতক অৱস্থাত আছে তাহিৰুল হুছেইন নামৰ অ ’এন জি চিৰ সহকাৰী অভিযন্তা গৰাকীৰ লগতে আন কেইবাগৰাকীও আলফা স্বাধীনৰ সদস্য ৷  আৰক্ষীয়ে জৰিফত আহমেদৰ উপৰি  অসম ৰাজ্যিক পৰিবহণ নিগমৰ  চালক মুবিন হাজৰিকা, চফিকুল ৰহমান আৰু ত্ৰিনয়ন বাৰুৱতীক কালি সন্ধিয়া শিৱসাগৰ আদালতত হাজিৰ কৰে ৷ আদালতে কেউগৰাকীকে ন্যায়িক জিম্মাৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰে ৷

উল্লেখ্য যে আলফা স্বাধীনে যোৱা ৫ আৰু ৬ অক্টোবৰত ৰিগটোৰ পৰা অ’এনজিচিৰ বিষয়া কৰ্মচাৰীক অপহৰণৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়ত মুবিন হাজৰিকা শিৱসাগৰ জিলাতেই উপস্থিত নাছিল ৷ পৰিবহণ নিগমৰ গাড়ী চলোৱাৰ বাবে তেওঁ আন জিলাত উপস্থিত আছিল ৷ জনসাধাৰণৰ মতে মুবিন হাজৰিকা অপৰাধ কৰিব পৰা ব্যক্তি নহয় ৷

অ’এনজিচিৰ সংশ্লিষ্ট ৰিগটোৰ সহকাৰী অভিযন্তা তাহিৰুল হুচেইনৰ লগত মুবিন হাজৰিকাৰ সম্পৰ্ক থকাৰ বাবেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ অ’এনজিচিৰ বিষয়া কৰ্মচাৰী অপহৰণৰ বাবে আলফা স্বাধীনে প্ৰস্তুত কৰা পৰিকল্পনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে নেমুগুৰি থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২)/১৪০(২)/৬২/৩(৫) আৰু ইউ এ পি এক্ট আৰ/ ডব্লিউ ১০/১৩ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা  ১১/২০২৪ নং গোচৰত উপৰোক্ত কেউগৰাকীকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷