যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী আৰক্ষী কনিষ্টবল... 
শিৱসাগৰ

যুৱতীক প্ৰৱঞ্চনা কৰি ৰঙাঘৰৰ আলহী আৰক্ষী কনিষ্টবল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিজৰ কু-কৰ্মৰ বাবেই এগৰাকী আৰক্ষী কনিষ্টবল নিজেই সোমাবলগীয়া হ'ল ৰঙাঘৰত। ৰঙাঘৰৰ আলহী হোৱা এই আৰক্ষী কনিষ্টবলজন শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ জেহিদ্দুল হক।

জানিব পৰা মতে এই আৰক্ষী কনিষ্টবলজনে এগৰাকী যুৱতীৰ সৈতে প্ৰৱঞ্চনাৰে শাৰীৰিক সম্পৰ্ক গঢ়িছিল। পৰৱৰ্তী সময়ত এই প্ৰৱঞ্চনাৰ সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকী আৰক্ষীৰ কাষ চাপে।

তেওঁ দাখিল কৰা গোচৰ ৫৮/২০২৪ নম্বৰত পঞ্জীয়ন কৰি আৰক্ষীয়ে কনিষ্টবল জেহিদ্দুল হকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে জেহিদ্দুল বিবাহিত যদিও ভুক্তভোগী যুৱতীৰাকীক অবিবাহিত বুলি পৰিচয় দি তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ উপৰিও শাৰীৰিক সম্পৰ্কও গঢ়ি তুলিছিল। আৰক্ষীয়ে জেবিদ্দুলক আই পি চিৰ ৪২০/৩৭৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।