কথাশিল্পী ইমৰান শ্বাহলৈ ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা... 
শিৱসাগৰ

কথাশিল্পী ইমৰান শ্বাহলৈ ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী ইমৰান শ্বাহলৈ আগবঢ়োৱা হ’ল এই বৰ্ষৰ ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা। ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে প্ৰৱৰ্তন কৰা এই বঁটা দেওবাৰে দৰং জিলাৰ পৰা অহা এটা প্ৰতিনিধিৰ দলে কথাশিল্পীগৰাকীৰ শিৱসাগৰস্থিত বাসগৃহত প্ৰদান কৰে।

এই বঁটাত আছে এখন অঙ্গবস্ত্ৰ, এটা জাঁপি, এটা স্মাৰক, এখন অভিনন্দন পত্ৰ, এখন শৰাই আৰু নগদ ধন। উল্লেখ্য যে, অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম ছহিদ মোজাম্মিল হকৰ স্মৃতি ৰক্ষাৰ্থে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত ২০০৮ চনৰপৰা ৬ অক্টোবৰৰ দিনা পালন কৰি অহা হৈছে কেন্দ্ৰীয় মাতৃভাষা দিৱস।

এই মাতৃভাষা দিৱস উপলক্ষে আয়োজক সমিতিয়ে প্ৰৱৰ্তন কৰা ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা এই বৰ্ষত কথাশিল্পী ইমৰান শ্বাহলৈ আগবঢ়োৱা হয়। কিন্তু দৰঙত আয়োজিত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসত কথাশিল্পীগৰাকী উপস্থিত থাকিব নোৱাৰাৰ বাবে আয়োজক সমিতিৰ এটা প্ৰতিনিধি দলে তেখেতৰ বাসগৃত আহি এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰি এই বঁটা প্ৰদান কৰে।

এই অনুষ্ঠানত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰমূখ্য উপদেষ্টা চহিৰ ভূঞা, জিলা সভাপতি বাবুল মকছেদ আহমেদ, মঙ্গলদৈ সদৰ কমিতিৰ সম্পাদক মীৰ চাহিল ইৰফানকে ধৰি মুঠ ২০ জনীয়া প্ৰতিনিধিৰ দলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শিৱসাগৰৰ বিশিষ্ট কবি সাহিত্যিক প্ৰেম গগৈ, নাহেনেদেৰ পাদুনৰ লগতে জিলাৰ সাহিত্য সভাৰ বিষয়ববীয়াসকল আৰু বহু গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।