শিৱসাগৰ

জীৱন নাট সামৰি অজান দেশলৈ বিশিষ্ট সমাজকৰ্মী লক্ষীনাথ বৰগোহাঞি

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ এঙেৰা অঞ্চলৰ নিবাসী, বিশিষ্ট সমাজকৰ্মী তথা সৰবৰহী ব্যক্তি লক্ষীনাথ বৰগোহাঞিয়ে সোমবাৰে ৯৫ বছৰ বয়সত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । ১৯২৯ চনৰ ১০ মাৰ্চ জন্মগ্ৰহণ কৰা বৰগোহাঞি ১৯৫১ চনৰ পৰা ১৯৮৯ চনলৈকে শিক্ষকতাৰে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল ৷

পিছত তেওঁ এনচিচিৰ কেপ্টেইন ৰেঙ্কৰ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ এনচিচিৰ অনুষ্ঠানত অংশগ্ৰহন কৰিছিল। চাকৰি অৱসৰৰ পিচত চৰাইদেউ এঙেৰা অঞ্চলত বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰে লক্ষীনাথ বৰগোহাঞি।

তেওঁ ২০০৭ চনৰ পৰা ২০০৯ লৈকে এঙেৰা জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু এঙেৰা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপে কেবাটাও কাৰ্যকাল চলায়। ইয়াৰ উপৰি অসম গণ পৰিষদৰ চুকাফা আঞ্চলিক সমিতিৰ সভাপতি আছিল তেওঁ। ২০১১ চনৰ পৰা ২০১২ ৰ চনলৈকে এঙেৰা আঞ্চলিক জ্যেষ্ঠ নগৰিক সমিতিৰ সভাপতি পদো অলংকৃত কৰিছিল এইগৰাকী সৰবৰহী ব্যক্তিয়ে ৷

দ’লবাগান সৰ্ব্বজনী নামঘৰৰ আৰু এঙেৰা বৰনামঘৰ প্ৰতিষ্ঠা ক্ষেত্ৰত ওতঃপ্ৰোতভাবে জড়িত আছিল লক্ষীনাথ বৰগোহাঞি ৷ জীৱন কালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত লক্ষীনাথ বৰগোহাঞি ঐতিহাসিক চৰাইদেও মৈদাম সংৰক্ষণ সমিতিৰ আৰু সুদীৰ্ঘ সময় চৰাইদেউ স্মৃতি তৰ্পণ সমিতিৰ সৈতেও জড়িত আছিল ৷

শেহতীয়াকৈ তেওঁ চৰাইদেউ শাখা সাহিত্য সভাৰ উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেখেতৰ বিয়োগ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে, মৃত্যুৰ সময়ত পত্নী, ৩ পুত্ৰ, জীয়ৰী, বোৱাৰীসহ কেইবাজনো নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।