শিৱসাগৰ

নামতি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন

অসমীয়া ভাষাৰ বাতৰি কাকতে অসমীয়া ভাষা ৰক্ষাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে : ড০ সৌমাৰজ্যোতি মহন্ত

Asomiya Pratidin

ডিজিটেল সংবাদ, নামতি : "অসমীয়া ভাষাৰ বাতৰি কাকতসমূহে অসমীয়া ভাষা ৰক্ষা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে । সমান্তৰালভাৱে বাতৰি কাকতৰ উদ্যোগসমূহত অসমীয়া নিবনুৱাই সংস্থাপনো লাভ কৰিছে। ইয়াৰোপৰি অতীতত প্ৰকাশ হোৱা বাতৰি কাকতসমূহ আজিৰ সময়ত গৱেষণা ইত্যাদি কামত ব্যৱহৃত হৈ আহিছে। "

বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ সামাজিক তথা বৌদ্ধিক চিন্তাৰ অন্যতম বাটকটীয়া স্বৰূপ অনুষ্ঠান "নামতি প্ৰেছ ক্লাৱ"ৰ ৩২সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আলোচনাচক্ৰৰ মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট নিবন্ধকাৰ, লেখক, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই । উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা "নামতি প্ৰেছ ক্লাৱ"ৰ সভাপতি ৰাতুল শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতেই গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ উপাধ্যক্ষ চৈয়দ আব্দুৰ ৰহমান আৰু অধ্যাপক ড০ পাপু কুমাৰ ঙাতে।

দিনৰ ১ বজাৰ পৰা "সুস্থ সমাজ গঠন আৰু সংবাদসেৱা" শীৰ্ষক বিষয়ৰ এখন আলোচনাচক্ৰ অনুষ্ঠিত হয় । নামতি প্ৰেছ ক্লাৱৰ সভাপতি ৰাতুল শৰ্মাই সঞ্চালনা আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথে উদ্বোধন কৰা উক্ত আলোচনাচক্ৰখনত মুখ্য আলোচক হিচাপে উপস্থিত থাকে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত।

ড০ সৌমাৰজ্যোতি মহন্তই আলোচনা চক্ৰখনত অংশ লোৱাৰ পূৰ্বে শ্বহীদ তৰ্পণ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। মুখ্য আলোচকগৰাকীয়ে বৰ্তমান সময়ৰ ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল মাধ্যমত অধিক সময় অলাগতিয়াল বিষয়ত মনোনিবেশ কৰাৰ ফলত সমাজত এটা নেতিবাচক প্ৰভাৱ পৰা বুলি মন্তব্য কৰে।

তদুপৰি ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমান সময়ত বাতৰি কাকত পঢ়াত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলক অধিক সচেতনতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায়। বহু বিশিষ্ট ব্যক্তিৰ লগতে কেইবাটাও জাতীয় সংগঠনৰ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত থকা আলোচনা চক্ৰত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

ইফালে বিগত বৰ্ষৰ দৰে এই বছৰো নামতি প্ৰেছ ক্লাৱৰ "কৰ্ম মহীয়ান বঁটা-২০২৪" প্ৰদান কৰে নামতি কৰুণাসাগৰৰ নিবাসী আদৰ্শৱান কৃষক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সমাজকৰ্মী অতুল মহন্ত আৰু নামতি খেজুৰিতলৰ নিবাসী, বিশিষ্ট সাংস্কৃতিক কৰ্মী, নৃত্যাচাৰ্য, সু-লেখিকা দেৱযানী শইকীয়া গগৈক। অনুষ্ঠানটোত সমাজকৰ্মী নজৰুল ইছলামক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে বহু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়।