শিৱসাগৰ

ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ জনসভা ত্যাগ জনতাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিঙৰ দুৰ্লভ গগৈ হাইস্কুল খেলপথাৰত অনুষ্ঠিত এক জন সভাত দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ভাষণ দিয়াৰ সময়তেই শ শ লোকে সভাগৃহ ত্যাগ কৰে। এই জনসভাত গেৰুৱা দলটোৰ সভাপতি নড্ডাই দলীয় কৰ্মীক সম্বোধন  কৰাৰ লগে লগেই মণ্ডপৰ পৰা শ শ লোকে সভাগৃহ ত্যাগ কৰাত বিজেপিৰ নেতা, পালিনেতাসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰে ।

সাংসদ তপন কুমাৰ গগৈ, বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই, বিজেপিৰ অবিচি মৰ্চাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকা মঞ্চৰ পৰা ততাতৈয়াকৈ নামি আহি সভাগৃহ এৰা লোকক জে পি নাড্ডাৰ ভাষণ সমাপ্ত হোৱালৈকে সভাথলী নেৰিবলৈ কাবৌ কোকালি কৰে ৷ কিন্তু সকলো চেষ্টা ব্যৰ্থ হয় ৷ গৰিষ্ঠসংখ্যক লোকে সভা গৃহ ত্যাগ কৰে ৷

জে পি নড্ডাই আজিৰ সভাত কয় যে, "বিজেপিয়েহে উত্তৰ-পূৰ্বাঞ্চলক বিকশাই তুলিছে আৰু তুলিব । বিজেপিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পথ, ৰে'ল, শিক্ষা, স্বাস্থ্য আদিকে ধৰি প্রায় প্ৰতিটো খণ্ডতে অভূতপূৰ্ব বিকাশ কৰিছে।" লগতে সভাপতিগৰাকীয়ে যে, "ভাৰত হৈছে পৃথিৱীৰ দ্রুততম বিকাশ হোৱা অৰ্থনীতি। দেশ খনে বৰ্তমান ৮.৭ শতাংশ হাৰত বিকাশ লাভ কৰিছে । এই বিকাশৰ দৰ আন বহু উন্নত ৰাষ্ট্ৰতকৈও বেছি বুলি তেওঁ প্ৰকাশ কৰে। বিজেপি চৰকাৰে কেন্দ্ৰৰ শাসনলৈ আহি বিগত ৯ বছৰত উত্তৰ-পূবৰ লগতে দেশৰ চেহেৰা সলনি কৰি পেলালে । পথ নির্মাণ, বিমান বন্দৰ নিৰ্মাণ, যোগাযোগ, বিজুলী, পানী আদি সকলোবোৰ সুবিধা বিগত ৯ বছৰত ৰাইজে যথেষ্ট পৰিমাণে লাভ কৰিছে। দেশে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোগ্য নেতৃত্বৰ বাবে সেৱা সুশাসন আৰু গৰীৱ কল্যাণৰ লক্ষ্যত উপনীত হোৱাত সক্ষম হৈছে।"

উল্লেখযোগ্য যে জে পি নড্ডাৰ সমাৱেশ উপলক্ষে চাৰিং দুর্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুটাকৈ বিশাল মণ্ডপ্ত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল। সভাস্থলীৰ সন্মুখৰ নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে কেন্দ্ৰীয় আৰুৰাজ্য চৰকাৰৰ নেতা-মন্ত্ৰীৰ ফটো সম্বলিত বেনাৰ আঁৰি এক আগতীয়া নির্বাচনী পৰিৱেশ গঢ়ি তোলা দেখা পোৱা গৈছিল।

জনসভাখনত ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈসহ বহুকেইজন প্রভাবশালী কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতা উপস্থিত থাকে। কিন্তু ভবেশ কলিতা, তপন কুমাৰ গগৈৰ ভাষণলৈকে সকলো ঠিকেই আছিল যদিও জে পি নাড্ডাই ভাষণ দিয়াৰ সময়তেই কিয় শ শ লোকে সভাগৃহ ত্যাগ কৰে তাক লৈ বিজেপিৰ ভিতৰ চৰাত সৰৱ আলোচনা চলিছে ৷ এই সভাৰ পাছতে নড্ডাই শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱ দ’ল পৰিদৰ্শন কৰি শিৱ দ’লত পূজা অৰ্চনা কৰে।