শিৱসাগৰ

নিউ লুক একাডেমীৰ ১০০ শতাংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ..

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিউ লুক একাডেমীৰ অভূতপূৰ্ব সাফল্য। দশক যোৰা ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰী। ২০১৪ চনত প্ৰথমটো গোটে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা ২০২৪ চনলৈ এটা দশক জুৰি নিউ লুক একাডেমী, শিৱসাগৰৰ ১০০ শতাংশ পৰীক্ষাৰ্থীয়ে ধাৰাবাহিকভাৱে প্ৰথম বিভাগত উৰ্ত্তীণ হৈ ৰাজ্যখনতে এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে।

এইবেলি মুঠ ২০ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৬ গৰাকীয়ে ডিষ্টিংচন, ১০ গৰাকীয়ে ষ্টাৰ আৰু ৪ গৰাকীয়ে লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। উল্লেখ্য যে, নিসান্ত দত্ত আৰু প্ৰজ্ঞান কাশ্যপে উচ্চ গণিত বিষয়ত ৰাজ্যৰ ভিতৰতে ১০০ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।