শিৱসাগৰ

খেজুৰিতল জ্ঞানজ্যোতি বিদ্যাপীঠৰ নৱাগত আদৰণী সভা : প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকক সম্বৰ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ,নামতি : শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান খেজুৰিতল জ্ঞানজ্যোতি বিদ্যাপীঠৰ নৱাগত আদৰণী সভাত বুধবাৰে অসমীয়া প্ৰতিদিন কাকতৰ দুগৰাকী সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে উক্ত অনুষ্ঠানত প্ৰতিদিন টাইমৰ এগৰাকী সাংবাদিকসহ জিলাখনৰ মুঠ ৫গৰাকী সাংবাদিকক বিশেষ সম্বৰ্ধনা জনায়।

উল্লেখ্য যে, জ্ঞানজ্যোতি বিদ্যাপীঠত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নৱাগত আদৰণী সভাত পুৱা বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী মমী নেওগে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে অনুষ্ঠানৰ আৰম্ভ কৰে।

সভাখনিৰ আদৰণী অভিভাষণ আগবঢ়াই বিদ্যাপীঠৰ সঞ্চালিকা দেৱযানী শইকীয়া গগৈয়ে। ভাষণৰ প্ৰসংগত সঞ্চালিকাগৰাকীয়ে কয় যে, অভিভাৱকসকলে যি বিশ্বাস আৰু আস্থাৰে ছাত্ৰ-ছাত্ৰীসকলক এই বিদ্যালয়খনত নামভৰ্তি কৰিছে সেই বিশ্বাস আৰু আস্থা বৰ্তাই ৰাখিবলৈ বিদ্যালয় পৰিয়াল সদায় দৃঢ় প্ৰতিজ্ঞ ।

শিক্ষয়িত্ৰী ডিম্পী চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গেলেকী আদৰ্শ বিদ্যাপীঠৰ সঞ্চালিকা কুন্তীৰাণী বড়াই ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ আৰু অভিভাৱকসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা জ্যোতি গগৈয়ে ভাষণে সকলোকে আপ্লুত কৰে।

তাৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোমে। উক্ত অনুষ্ঠানতে, অসমীয়া প্ৰতিদিন কাকতৰ কালুগাঁৱৰ সংবাদিক অচিন্ত্য বৰঠাকুৰ আৰু নামতিৰ সাংবাদিক জিয়াৰুদ্দিন আহমেদ, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘৰ সম্পাদক তথা আমগুৰিৰ জ্যেষ্ঠ সাংবাদিক সমীৰণ দুৱৰা, নামতি প্ৰেছ ক্লাৱৰ সভাপতি তথা নামতিৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল শৰ্মা আৰু প্ৰতিদিন টাইমৰ গৌৰিসাগৰৰ সাংবাদিক ৰূপম বৰবৰাক একোখনকৈ চেলেং, সম্বৰ্ধনা পত্ৰ আৰু স্মাৰকে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

তদুপৰি, অনুষ্ঠানটিত নৃত্য-গীত পৰিৱেশন কৰি সকলোৰে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা কণমানি মৌ-কুৱঁৰী উন্মনা কোঁৱৰকো এখন ফুলাম গামোচা আৰু কিতাপেৰে সম্বৰ্ধনা জনায় । উল্লেখ্য যে কণমানি উন্মনা কোঁৱৰে অসমৰ বিভিন্ন বিহুমঞ্চত মৌ-কুঁৱৰী হিচাপে সুনাম কঢ়িওৱাৰ লগতে মডেলিং কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

ইফালে, ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ নৃত্য-গীতৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত শিক্ষক কনক নেওগ, আটাছু শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিশ্বজিৎ আৰন্ধৰা, শিক্ষয়িত্ৰী মমী চেতিয়াৰ লগতে অভিভাৱকসকলেও অংশগ্ৰহণ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।