শিৱসাগৰৰ ননী দেৱীক মনত আছেনে? ন্যায় পালে মহিলাগৰাকীয়ে... 
শিৱসাগৰ

শিৱসাগৰৰ ননী দেৱীক মনত আছেনে? ন্যায় পালে মহিলাগৰাকীয়ে...

দোকান দখল কৰি থকা দুই ব্যৱসায়ীৰ বিৰুদ্ধে ন্যায়িক যুঁজত জয়ী

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ অনা অসমীয়া লোকে ব্যৱসায়ীক প্ৰতিষ্ঠান দখল কৰাৰ পিছত একমাত্ৰ ৰোগীয়া পুত্ৰক চিকিৎসা কৰাব নোৱাৰি মৃত্যুক আকোঁৱালি ল’ব বিচৰা মহিলাগৰাকীয়ে অৱশেষত ন্যায় পালে৷ উল্লেখ্য যে, শিৱসাগৰ চহৰৰ ননী দেৱী নামৰ মহিলাগৰাকীয়ে পুত্ৰ সহিতে ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰি ২০২২ চনৰ মাজভাগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছেল ৷

শিৱসাগৰ চহৰৰ অসম ৰাজ্যিক পৰিবহন নিগম বাছ আস্থানৰ সমীপৰ প্ৰয়াত অঞ্জন শৰ্মাৰ পত্নী ননী দেৱীৰ দুখন দোকান দুজন ব্যক্তিয়ে  ২০ বছৰ ধৰি নিজৰ দখলত ৰাখি অসহায় মহিলাগৰাকীক মানসিক হাৰাশাস্তি কৰি আহিছিল। ব্যক্তি দুজনৰ ভয়ত একমাত্ৰ অসুস্থ পুত্ৰৰ সৈতে ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হৈছিল মহিলাগৰাকী।

এনেদৰে ভয় শংকাত দিন কটোৱা মহিলাগৰাকীয়ে শেষত জীয়াই থকাৰ সকলো ইচ্ছা শেষ কৰি ইচ্ছা মৃত্যু বিচাৰি মুখ্যমন্ত্ৰী লৈ পত্ৰ প্ৰেৰণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলাগৰাকীৰ একমাত্ৰ ৰোগীয়া পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল।   

লগতে দোকান জব্দ কৰা বিষয়টোত বিশেষ গুৰত্ব আৰোপ কৰি ন্যায়িক যুঁজৰ বাবে সাহস দিছিল। আজি মহিলাগৰাকী ন্যায়ীক যুঁজত জয়ী হয়। মুখ্যমন্ত্ৰীক লগ ধৰি কৃতজ্ঞতাৰ চিনৰূপে শৰাই আৰু গামোচা প্ৰদান কৰিবলৈ ইচ্ছা পুঁহি ৰাখিছে ননী দেৱীয়ে। লগতে শিৱসাগৰ আৰক্ষী, দল সংগঠন আৰু শিৱসাগৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছে।