শিৱসাগৰ

"আমগুৰি ভৱন" সন্দৰ্ভত বিধায়ক প্ৰদীপ হাজৰিকাৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ গুৱাহাটীস্থিত আমগুৰি ভৱনৰ মাটি বহিৰাগত বণিয়াক গতালে নেকি বিধায়ক প্ৰদীপ হাজৰিকাই ? আমগুৰি সমষ্টি ইতিহাসৰ পাতৰ পৰা বিলীন হোৱাৰ পাছত সমষ্টিৰ সম্পত্তি লীজত দিয়াৰ অভিযোগ উত্থাপন হৈছিল বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে। এই সন্দৰ্ভত আমগুৰিত সংবাদমেল আয়োজন কৰি মত ব্যক্ত কৰিলে বিধায়কগৰাকীয়ে।

আমগুৰি ভৱনৰ মাটি লীজ বা বিক্ৰীৰ বিতৰ্ক সন্দৰ্ভত আয়োজিত এই সংবাদমেল বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসভৱনত আয়োজন কৰা হয়। সংবাদমেল সম্বোধন কৰি বিতৰ্কৰ প্ৰত্যুত্তৰ দিয়ে বিধায়ক প্ৰদীপ হাজৰিকাই। তেওঁ কয় যে- মই ৪০ বছৰ আমগুৰি সমষ্টিত ৰাজনীতি কৰিছো। আমগুৰিৰ উন্নয়নমূলক কাম-কাজত একাংশ লোকে বাধাৰ সৃষ্টি কৰি আহিছে ।কোনো উন্নয়নমূলক কাম-কাজেই এইসকল লোকে হ'বলৈ নিদিয়ে।

তেওঁ লগতে কয় আমগুৰিত ১০০ কোটি টকাৰো অধিক ধনৰ ব্যয়েৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ চলাই আছো। প্ৰদীপ হাজৰিকাই দুৰ্নীতিত লিপ্ত হোৱা হ'লে বহু পূৰ্বেই হ'ব পাৰিলেহেতেন। ১৫ বছৰ ভৱনৰ মাটি লীজ দিব নোৱাৰা বিষয় সম্পৰ্কে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সংশোধনীৰ ব্যৱস্থা কৰা হৈছে। আমগুৰি ভৱনৰ নামত আবণ্টিত মাটি বিক্ৰী বা লীজত দিয়াৰ অভিযোগ অমূলক।

আমগুৰি ভৱনৰ উন্নয়নৰ স্বাৰ্থত আইনীভাৱে বুজাবুজি হৈছে M/S Versa Techno Pvt. Ltd.ৰ সৈতে। আমগুৰি ভৱনৰ সম্পূৰ্ণ মালিকীস্বত্ব এতিয়াও আমগুৰি সমষ্টি আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সন্থাৰ হাতত। আমগুৰি সমষ্টিৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তাৱ গ্ৰহণৰ পাছতে এনে সিদ্ধান্ত লোৱা হৈছে । শীঘ্ৰেই সমিতিৰ প্ৰস্তাৱ গ্ৰহণ আৰু সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ দিন-বাৰ প্ৰকাশ কৰা হ'ব।

আমগুৰি ভৱন দিল্লী নাইবা মুম্বাই ভৱনৰ আৰ্হিত নিৰ্মাণ হ'ব। G+4 আমগুৰি ভৱনৰ বিপৰীতে বাকী ৯ টা মহল M/S Versa Techno Pvt.Lmtd.ৰ নামত থাকিব আৰু মাটিৰ মালিকীস্বত্ব আমগুৰি সমষ্টি আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সমিতিৰ দায়িত্বত থাকিব । আমগুৰিত চলি থকা অৰুণাচলী মদ, বহিঃৰাজ্যৰ গাহৰি নাইবা আন বেআইনী কাৰ্য কোনেও প্ৰত্যক্ষ নকৰে। একমাত্ৰ আমগুৰি সমষ্টিৰ উন্নয়নত বাধা দিয়া একাংশ লোকে আমগুৰিৰ উন্নয়ন স্তব্ধ কৰিছে ।