UPSCৰ বাচনিত ৬৯ সংখ্যক স্থান প্ৰাপ্তিৰে ছাৰ্ভে অৱ ইণ্ডিয়াৰ শীৰ্ষ পদত শিৱসাগৰৰ প্ৰণয় তামুলী 
শিৱসাগৰ

UPSCৰ বাচনিত ৬৯ সংখ্যক স্থান প্ৰাপ্তিৰে ছাৰ্ভে অৱ ইণ্ডিয়াৰ শীৰ্ষ পদত শিৱসাগৰৰ প্ৰণয় তামুলী

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ : কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰা সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ২০২৩ বৰ্ষৰ চূড়ান্ত  ফলাফলত শিৱসাগৰৰ সন্তান প্ৰণয় তামুলীয়ে সুখ্যাতিৰে উতীৰ্ণ হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শুকুৰবাৰে নিশা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই শিৱসাগৰৰ জনসাধাৰণে আনন্দ প্ৰকাশ কৰে ৷

বিভিন্ন ব্যক্তি তথা দল সংগঠনৰ বিষয়ববীয়াই মেধাৱী ছাত্ৰজনক অভিনন্দন জনায় ৷ শিৱসাগৰীয়া সন্তান  প্ৰণয় তামুলীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ৬৯ সংখ্যক স্থান লাভ কৰি জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াত (জি এছ আই) ভূ-বিজ্ঞানীৰূপে  নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হয় ৷

উল্লেখ্য যে ঐতিহাসিক ৰংঘৰৰ সমীপৰ জোনাকী নগৰৰ বাসিন্দা টংকেশ্বৰ তামুলী আৰু অণু তামুলীৰ একমাত্ৰ সন্তান প্ৰণয় তামুলী ৷ পিতৃ টংকেশ্বৰ তামুলী অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত বিষয়া ৷

চাকৰিসূত্ৰে তেওঁ পৰিয়াল সহিতে সুদীৰ্ঘকাল দুলীয়াজানত আছিল ৷ যাৰ বাবে প্ৰণয় তামুলীয়ে দুলীয়াজানস্থিত দিল্লী পাব্লিক স্কুলত অধ্যয়ন কৰিছিল ৷ দিল্লীত পাব্লিক স্কুলৰ পৰা দশম আৰু দ্বাদশ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিজ্ঞান বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ পৰৱৰ্তী সময়ত মেধাৱী ছাত্ৰজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হয় ৷

২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত  অনুষ্ঠিত কৰা সংযুক্ত ভূ বিজ্ঞানীৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰণয় তামুলী উতীৰ্ণ হয় ৷ যোৱা ২৪ আৰু ২৫ জুনত অনুষ্ঠিত হোৱা মূল পৰীক্ষাত তেওঁ অৱতীৰ্ণ হৈছিল ৷

১৯০ টা পদৰ বাবে প্ৰাৰ্থী বাচনি কৰা এই পৰীক্ষাত প্ৰণয় তামুলীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ৬৯ স্থান অধিকাৰ কৰে ৷ আজি সন্ধিয়া অসম উন্নতি সভাৰ সাধাৰণ শৰৎ হাজৰিকাই প্ৰণয় তামুলীক অভিনন্দন জনায় ৷

প্ৰণয় তামুলীয়ে মাজুলী সহিতে অসমৰ গৰাখহনীয়া ৰোধৰ বাবে গৱেষণা কৰাৰ হেঁপাহ পুহি ৰখাৰ কথা ব্যক্ত কৰে ৷ চাকৰিৰ মাজতেই এই বিষটোত পি এইচ ডি কৰাৰ প্ৰচেষ্টা চলাব বুলি প্ৰণয় তামুলীয়ে মন্তব্য কৰে ৷