ধিঙৰ দলবদ্ধ যৌন নিৰ্যাতনৰ বিৰুদ্ধে নামতিত উত্তাল প্ৰতিবাদ... 
শিৱসাগৰ

ধিঙৰ দলবদ্ধ যৌন নিৰ্যাতনৰ বিৰুদ্ধে নামতিত উত্তাল প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ নামতিঃ ৰাজ্য কপাই যোৱা ধিঙৰ দলৱদ্ধ যৌন নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলাৰ সদাব্যস্ত ব্যৱসায়ীক অঞ্চল নামতি চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নামতি চাৰিআলিটো বিভিন্ন জাতীয়-জনগোষ্ঠীয় দ'ল সংগঠনৰ উদ্যোগত হাতে-হাতে বিভিন্ন শ্লোগান লিখা প্লে'ৰ্কাড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰীক ফাঁচী দিয়ক, অসমীয়া জাগিছে-জাগিবই, ধৰ্ষণকাৰী নিপাত যাওক, গৃহ বিভাগ হায়-হায়, আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সংগঠনকেইটাই ধৰ্ষণৰ লগত জড়িত অপৰাধী কেইটাক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰে, যাতে এনে ধৰণৰ জঘণ্য ঘটনা পুনৰ আন কোনেও কৰিবলৈ সাহস নকৰে ।

তদুপৰি সংগঠন কেইটাৰ নেতৃবৰ্গই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, উজনি অসমত এগৰাকী মহিলাই মুকলিকৈ ঘূৰিব নোৱাৰা এটা পৰিৱেশৰ হৈছে। উজনি অসমত যিমানখিনি অপৰাধমূলক ঘটনা সংঘটিত হৈছে তাৰ সৰহ সংখ্যক অপৰাধ সন্দেহযুক্ত মিঞাই সংঘটিত কৰিছে।

মিঞাৰ দপ-দপনিৰ বাবে এতিয়া বিদ্যালয়-মহাবিদ্যালয় অথবা টিউচনলৈ যাবলৈ ভয় কৰে ছাত্ৰী সকলে। সেয়েহে উজনি অসমৰ পৰা এক সপ্তাহৰ ভিতৰত সন্দেহযুক্ত মিঞাক টালি-টোপোলা বান্ধিবলৈ দাবী জনাইছে আটাছু আৰু জাতীয় সংগ্ৰামী সেনা, অসমে।

লগতে সমগ্ৰ ৰাজ্যকেইখনত ছাত্ৰীসকলৰ নিৰাপত্তা ব্যৱস্থা সু-নিশ্চিত কৰিবলৈকে চৰকাৰক আহ্বান জনাইছে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত আটাছু শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম, জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা, পিয়লি ফুকন শাখা সাহিত্য সভাৰ সম্পাদক দেৱযানী শইকীয়া গগৈ, নামতি ছহিদ পিয়লি ফুকন মহাবিদ্যালয় ছাত্ৰ একতা সভা সম্পাদিকা স্বপ্না গগৈকে ধৰি বহুসংখ্যক নেতা কৰ্মী উপস্থিত আছিল।