শিৱসাগৰ

নামতিৰ শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নামতি : শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি শালকাঠনি গাঁ‌ৱত উদ্ধাৰ হৈছে এটি দুষ্প্ৰাপ্য বনৰৌ। গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত শনিবাৰে নিশা উদ্ধাৰ হয় বনৰৌটি।

জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহাৰ পিছতেই বনৰৌটো প্ৰত্যক্ষ কৰে। বনৰৌটো উদ্ধাৰ হোৱাৰ পিছতেই বাবু বৰাই বন বিভাগক গতাই দিয়াৰ বাবে যোগাযোগ কৰে যদিও বাতৰি যুগুত কৰা সময়লৈকে বন বিভাগৰ লোক উপস্থিত হোৱা নাই।

আনহাতে যুৱকজনে দুষ্প্ৰাপ্য বনৰৌটো বন বিভাগক গতাই দিয়াৰ বাবে লোৱা সিদ্ধান্ত সঁ‌চাকৈ প্ৰশংসনীয় বুলি চুবুৰীয়াই সন্তোষ প্ৰকাশ কৰে।