শিৱসাগৰ

আমগুৰিত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আমগুৰিৰ চামগুৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । ধোদৰ আলিৰ নিৰ্মীয়মান পুলৰ গাতত সোমাই দুৰ্ঘটনাগ্ৰস্ত হয় বলেনো গাড়ীখন । নিৰ্মীয়মান পুলত কোনো সাংকেতিক চিহ্ন নথকাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS-04-AE-4828 । শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে গাড়ীখনৰ চালকৰ । নিৰ্মীয়মান পুলৰ গাঁত উন্মুক্ত অৱস্থাত থকাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো।