নিশা শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৪ জন গুৰুতৰভাৱে আহত... 
শিৱসাগৰ

নিশা শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৪ জন গুৰুতৰভাৱে আহত...

আহতসকলক অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিশা শিৱসাগৰৰ দৰিকাপাৰৰ অৰ্ধনিৰ্মিত চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৪ জনকৈ যুৱক গুৰুতৰভাৱে আহত হৈছে।

আহতসকলৰ মাজত আছে দৰ্পন বৰগোঁহাই(২৪),বিশ্বজিৎ নাথ(২৯),পৰশমনি মেছ(২০) আৰু ৰাহুল(২৫) নামৰ এজন যুৱক। ইয়াৰে দৰ্পন বৰগোঁহাই আৰু বিশ্বজিৎ নাথৰ আঘাত গুৰুতৰ।

ঘটনাৰ বিৱৰণ অনুসৰি দুই যুৱক আহিছিল চাৰিচকীয়া বাহনত। তেওঁলোকে ব্যৱহাৰ কৰা এএছ ২৩ এন ২২৫৪ ছুইফ্ট বাহনখনে পথৰ দাতিত বহি থকা অৱস্থাত পৰশমনি মেছ আৰু ৰাহুল ওৰফে মাইনা নামৰ দুই যুৱকক মহতিয়াই নিয়ে।

তাৰ পাছতেই বাহনখনে পথৰ ডিভাইদাৰত খুন্দা মাৰে। ফলত এই দুৰ্ঘটনা সংঘটিত হয়। পাছত চাৰিওজন যুৱকক সংকতজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।