সোণাৰিৰ জৱকাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এগৰাকী মহিলা নিহত, ৮ গৰাকী আহত... 
শিৱসাগৰ

সোণাৰিৰ জৱকাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এগৰাকী মহিলা নিহত, ৮ গৰাকী আহত...

কেঁচা চাহপাত নিয়া বলেৰ' বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে এই ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিৰ জৱকা চাহ বাগিচাৰ সমীপত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন ৮ গৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। সোণাৰিৰ গুৱালাপথাৰ দিশৰ পৰা টাউকক অঞ্চললৈ এখন বলেৰ’ পিকআপ (AS-04, BC-4325) বাহনে কেঁচা চাহপাতসহ মহিলা শ্ৰমিক কঢ়িয়াই নিয়াৰ পথত জৱকা চাহ বাগিচা হাস্পতালৰ সন্মুখত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷

তীব্ৰ গতিৰে যোৱা বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা উচ্চ বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো চুতু ভূমিজ নামৰ মহিলা শ্ৰমিকগৰাকী থিতাতে নিহত হয়৷ আহতসকলক চিকিৎসালয় ভৰ্ত্তি কৰা হৈছে ৷