শিৱসাগৰ

চৰাইদেউত বিশ্ব ঐতিহ্য সপ্তাহৰ সৈতে সংগতি ৰাখি কৰ্মশালা-সজাগতা সভা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত চৰাইদেউ প্ৰত্নতাত্বিক স্থানত ১৯ নৱেম্বৰ পৰা বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা হৈছে ৷

বিশ্ব ঐতিহ্য সপ্তাহৰ দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি চৰাইদেউ মৈদাম পুৰাতাত্ত্বিক স্থানৰ সমীপতে থকা চৰাইদেউ পৰ্যটন ভৱনত "উত্তৰ-পূব ভাৰতৰ বিশ্ব ঐতিহ্য সম্ভাৱনা আৰু সম্ভাৱনা" শীৰ্ষক সামূহিক কৰ্মশালা তথা সজাগতা এক আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷ অসম আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য ৰাজ্যৰ শিক্ষাবিদসকলে অংশগ্ৰহণ কৰা আলোচনাচক্ৰখন সঞ্চালনা কৰে বিশিষ্ট বুৰঞ্জীবিদ ডঃ যোগেন্দ্ৰনাথ ফুকনে ৷

বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা কৰ্মশালাত অসম প্ৰত্নতত্ত্ব বিভাগৰ হৈ "A status update on excavation, conservation and management of Moidams -The Mound Burial System of the Ahom Dynasty" শীৰ্ষক বিষয়ৰ এক পত্ৰ উপস্থাপন কৰা হয় ৷

ইয়াৰ পিচতেই অৰুণাচল প্ৰদেশৰ গৱেষণা সঞ্চালকায়ৰ উপ-সঞ্চালক বুলটন দত্ত, 'নেহু'ৰ ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ড° তিলক ঠাকুৰীয়া, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ড° শিখামণি কোঁৱৰ, মৰাণ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী ড° স্ৰোতস্বিনী গগৈ, ইতিহাস আৰু প্ৰাচীন গৱেষণা অধ্যয়ন সংস্থাৰ তত্বাৱধায়ক ড° সংগীতা গগৈ আৰু অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ জ্যেষ্ঠ সংৰক্ষণ বিষয়া কংকন জ্যোতি শইকীয়াই একোখনকৈ গৱেষণা পত্ৰিকা উপস্থাপন কৰে ।