শিৱসাগৰৰ ৰাহুল হাজৰিকাক পৰিকল্পিত ভাৱে শূন্য দূৰত্বৰ পৰা গুলীওৱাৰ গুৰুতৰ অভিযোগ... 
শিৱসাগৰ

শিৱসাগৰৰ ৰাহুল হাজৰিকাক পৰিকল্পিত ভাৱে শূন্য দূৰত্বৰ পৰা গুলীওৱাৰ গুৰুতৰ অভিযোগ...

 অ’এনজিচিৰ বিষয়া তাহিৰুল হুছেইনৰ সহিতে দুজনৰ আত্মগোপন 

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ: আৰক্ষীয়ে গভীৰ নিদ্ৰাত থকা অৱস্থাত শোৱাপাটীৰ পৰা উঠাই অনা প্ৰাক্তন আলফা ৰাহুল হাজৰিকা ওৰফে লাডেনক এনকাউণ্টাৰ কৰাকলৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ ৰাহুল হাজৰিকাক পত্নী আৰু ভগ্নীয়ে এই ঘটনাক অপহৰণকাণ্ড বুলি অভিহিত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’এনজিচি এলৰ বকতা নেমুগুৰিত থকা এটা ৰিগৰ পৰা কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক আলফা স্বাধীনে অপহৰণৰ বাবে চলোৱা ভয়ংকৰ পৰিকল্পনাৰ লগত ৰাহুল হাজৰিকা জড়িত বুলি আৰক্ষীয়ে দাবী কৰিছে ৷ যাৰবাবে কালি পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰত তেওঁ গুৰুতৰভাৱে আহত হয় ৷

তেওঁ  ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ ৰাহুল হাজৰিকাৰ পত্নী ৰধা হাজৰিকাৰ মতে তেওঁৰ স্বামীক আৰক্ষীয়ে হত্যাৰ অভিপ্ৰায়েৰে গুলী চালনা কৰিছিল ৷ তেওঁ যদি দোষী হয় তেনে আইন অনুসৰি বিচাৰ হ’ব লাগিছিল ৷ তাকে নকৰি আৰক্ষীয়ে গুলীয়াই থকাসৰকা কৰাৰ সন্দৰ্ভত ৰাধা হাজৰিকাই তদন্তৰ দাবী উত্থাপন কৰিছে ৷

ৰাহুল হাজৰিকাক ভগ্নী কৃষ্ণা হাজৰিকাৰ অভিযোগ ৰাহুলক জনশূন্য স্থানত গাড়ীৰ পৰা নমাই মাৰপিট কৰাৰ বাবে তেওঁ আহত হয় ৷ পিছত ৰাহুলক দৌৰি পলায়নৰ কৰিবলৈ নিৰ্দেশ দিছিল ৷ ৰাহুলে পলায়ন নকৰাৰ বাবেই তেওঁক শূন্য দূৰত্বৰ পৰা  সোঁ ভৰিত গুলীয়াই আহত কৰে ৷

আনহতে আলফাৰ পৰিকল্পনাত হাত উজান দিয়া শিৱসাগৰ চহৰৰ এগৰাকী যুৱক ইৰচাদ লতিফ ওৰফে মিঠুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিছে ৷ ঘটনাত জড়িত অ’এনজিচিৰ এগৰাকী বিষয়া তাহিৰুল হুছেইন সহিতে মুঠ তিনিগৰাকী লোকে আত্মগোপন কৰিছে ৷ যোৱা দুটা দিন ধৰি  আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও ইয়াৰ এজনকো গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷ 

কালি পুৱতি নিশা ২ বজাত চাৰিখন গাড়ীৰে যোৱা আৰক্ষীৰ দলে মৰাণ খটখটীৰ সমীপত থকা ৰাহুল হাজৰিকা ওৰফে লাডেনৰ ঘৰ ঘেৰাও কৰি তেওঁক ধৰি আনে ৷ তাৰ প্ৰায় এক ঘন্টাৰ পিছতেই চেপন চূণপোৰা পথৰ এক জনশূন্য স্থানত আৰক্ষীৰ এনকাউণ্টাৰত লাডেন আহত হয় ৷

তেওঁৰ সোঁ ভৰিত গুলী লাগে ৷ আৰক্ষীৰ দাবী ৰাহুল হাজৰিকাই আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলোৱাৰ সময়ত অভিযানকাৰী দলৰ গুলীত আহত হ’বলগাত পৰে ৷ আৰক্ষীৰ মতে শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিত থকা অ’এনজিচিৰ এটা ৰীগৰ পৰা বিষয়া, কৰ্মচাৰী অপহৰণ কৰাৰ বাবে আলফাই পৰিকল্পনা কৰিছল । 

আলফাক এই পৰিকল্পনাত সহযোগ কৰিছিল শিৱসাগৰ চহৰৰ নিৱাসী অ’এনজিচিৰ সহকাৰী অভিযন্তা তাহিৰুল হুছেইন, ইৰচাদ লটিফ, ৰাহুল হাজৰিকাৰ লগতে আৰু  দুইজন ব্যক্তিয়ে ৷ তাহিৰুল হুছেইনে উক্ত ৰীগতেই কাম কৰিছিল ৷ তেওঁ ৰিগটোত কামকৰা বিষয়া কৰ্মচাৰীৰ তথ্য প্ৰদান কৰিছিল গুলীবিদ্ধ ৰাহুল হাজৰিকাক।

আৰক্ষীৰ মতে যোৱা মে' মাহতেই আলফাই ৰিগৰ বিষয়া কৰ্মচাৰীক অপহৰণৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল ৷ আৰক্ষীৰ মতে যোৱা ৫ অক্টোবৰত শিৱসাগৰ চহৰৰ বাবুপট্টিৰ তাহিৰুল হুছেইন আৰু ইৰচাদ লটিফে এখন ইনভা গাড়ীত চাৰিজন আলফা সদস্যক লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অৱস্থান কৰিছিল ৷

৫ অক্টোবৰ সন্ধিয়া তেওঁলোকে ইনভা গাড়ীৰ লগতে এখন টাটা টিয়াগ’ গাড়ী লৈ চৰাইদেউ জিলাৰ অসম নগালেণ্ড সীমান্ত এলাকাত উপস্থিত হৈ অপহৰণ কৰা বিষয়া কৰ্মচাৰীক কোন পথেৰে নিব তাক ঠিৰাং কৰিছিল ৷ 

৬ অক্টোবৰৰ সন্ধিয়া ৬-৩০ বজাত বকতা নেমুগুৰিৰ ৰিগটোৰ বিষয়া কৰ্মচাৰীৰ কাম সমাপ্ত হোৱাৰ সময়তেই অপহৰণ কাণ্ড সংঘটিত কৰাৰ বাবে আলফাৰ দলটোৱে সংশ্লিষ্ট স্থানত উপস্থিত হৈছিলগৈ যদিও তাৰ কিছু সময়ৰ পূৰ্বে ৰিগটোৰ বিষয়া কৰ্মচাৰীসকল আঁতৰি যোৱাত আলফাৰ দলটো ব্যৰ্থ হয় ৷ যি কথা ইৰচাদ লতিফে  জেৰাত স্বীকাৰ কৰিছিল ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে আলফাই অ’এনজিচিৰ ৰোমানিয়া নামৰ এটা ৰিগৰ পৰা দুগৰাকী বিষয়াক অপহৰণ কৰাৰ লগতে অৰুণাচলত খাৰুৱাতেলৰ খনন চলাই থকা কুইপ প্ৰতিষ্ঠানৰ দুগৰাকী বিষয়াক অপহৰণ কৰিছিল ৷ যাৰবাবে আৰক্ষীয়ে আলফাৰ পৰিকল্পনাৰ তথ্য লাভ কৰি আলফাৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল ৷

শিৱসাগৰ চহৰৰ বাবুপট্টিস্থিত তাহিৰুল হুছেইন আৰু ইৰচাদ লটিফৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই ইৰচাদ লটিফক আটক কৰি নিয়ে যদিও পলায়ন কৰে তাহিৰুল হুছেইন। ইৰচাদ লতিফৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাহুল হাজৰিকাক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে ১৬ অক্টোবৰৰ পুৱতি নিশা আৰক্ষীৰ গুলীত আহত হয় ৰাহুল হাজৰিকা।

ঘটনা সন্দৰ্ভত নেমুগুৰি থানাত ১১/২০২৪ নম্বৰৰ এক গোচৰ কিছুদিনৰ পূৰ্বে ৰুজু কৰা হৈছিল। আৰক্ষীয়ে অ’এনজিচিৰ বিষয়া তাহিৰুল হুচেইন আৰু ইৰচাদ লতিফৰ ঘৰত আলফাৰ কেইবাগৰাকীও সদস্যই যোৱা ৫ অক্টোবৰৰ নিশা বাহৰ পাতিছিল বুলি দাবী কৰিছে ৷ তেওঁলোকে অ’এনজিচিৰ ৰিগৰ বিষয়া কৰ্মচাৰীক পিচৰ দিনা অৰ্থাৎ ৬ অক্টোবৰত কিদৰে অপহৰণ কৰিব সেই সন্দৰ্ভত পৰিকল্পনা চূড়ান্ত কৰিছিল।

উল্লেখ্য যে তাহিৰুল হুছেইনৰ প্ৰকৃত ঘৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ ন-মাটি অঞ্চলত যদিও তেওঁ বাবুপট্টি অঞ্চলত এজন ব্যক্তিৰ এটা ঘৰ ক্ৰয় কৰি বাস কৰিছিল ৷ উত্থাপিত অভিযোগ অনুসৰি তেওঁ উচ্চ হাৰৰ সুদৰ বিনিময়ত ধন ধাৰলৈ দিছিল ৷ আনকি তেওঁৰ পত্নীয়েও ধন সুদলৈ দিয়াৰ অভিযোগ উঠিছে ৷

বিভিন্ন লোকৰ পৰা সুদলৈ দিয়া ধন সংগ্ৰহৰ নামত ভয় ভাবুকি প্ৰদৰ্শন কৰিছিল ৷ ঋণৰ ধন উত্তোলনৰ সময়ত ডিগবৈ, ডুলীয়াজানত লেডী ডন নামেৰে পৰিচিত এগৰাকী মহিলাই এখন ৰঙা গাড়ীত কেইবাগৰাকীও গুণ্ডা প্ৰকৃতিৰ লোকক আনি ঋণ লোৱা মানুহক ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে ৷ প্ৰকৃততে সেই মহিলা গৰাকী কোন তাক লৈ প্ৰশ্ন উঠিছে ৷

পিতৃ মাতৃৰ মতে ৰাহুল হাজৰিকাক পৰিকল্পিত ভাৱে গুলী চালনা কৰে 

আলফাৰ হৈ অ’এনজিচিৰ বিষয়া অপহৰণৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত ৰাহুল হাজৰিকাক পলায়নৰ বাবে চেষ্টা কৰাৰ সময়ত অভিযানকাৰী দলে গুলী চালনা কৰাৰ বাবে তেওঁ গুলীবিদ্ধ হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে যদিও ৰাহুল হাজৰিকাৰ পৰিয়ালৰ লোকে আৰক্ষীৰ অভিযোগ পোনচাটেই খণ্ডন কৰিছে ৷ ৰাহুল হাজৰিকাৰ মাতৃৰ স্পষ্ট কথা ১৬ অক্টোবৰৰ পুৱতি নিশা প্ৰায় ২ বজাত চাৰিখন গাড়ীত অহা আৰক্ষীৰ বিশাল বাহিনী এটাই আমাৰ ঘৰ ঘেৰাও কৰিছিল ৷

সেই সময়ত ৰাহুল গভীৰ টোপনিত আছিল ৷ আৰক্ষীয়ে তাক টোপনিৰ পৰা উঠাই ধৰি লৈ গৈছিল ৷ আমি তাক কলৈ নিব বুলি প্ৰশ্ন কৰিছিলো যদিও আৰক্ষীয়ে একো উত্তৰ নিদিলে ৷ উপায়হীন হৈ আমি মৰাণ থানা গলোঁ, কিন্তু আৰক্ষীয়ে তাৰ কোনো সন্ধান নিদিলে ৷

আমাৰ ঘৰৰ মানুহ ডিমৌ থানালৈ গ’ল যদিও আৰক্ষীয়ে গালি পাৰি তাঁহাতক খেদি পঠিয়ালে ৷ ডিমৌ আৰক্ষীয়ে অভব্য আচৰণ কৰে ৷ দিনৰ ১০ বজাত ৰাহুল নেমুগুৰি থানাত থকাৰ কথা শুনিলোঁ ৷

নেমুগুৰি থানাত উপস্থিত হৈ ৰাহুলক গুলীয়াই আহত কৰাৰ কথা জানিব পাৰিলোঁ ৷ ৰাহুল হাজৰিকা অত্যন্ত সহজ সৰল যুৱক। মাতৃৰ মতে ৰাহুলে পলায়ন কৰিব নোৱাৰে ৷ চাৰিখন গাড়ীত অস্ত্ৰধাৰী অনেক আৰক্ষী আছিল ৷

তাৰ মাজৰপৰা এটা ল’ৰা কেনেকৈ পলায়ন কৰিব পাৰে বুলিও প্ৰশ্ন। তেওঁৰ মতে পৰিকল্পিত ভাৱে আৰক্ষীয়ে তাক গুলীয়াছে ৷ পুলিচৰ পহৰাৰ মাজত গাড়ীৰ ভিতৰত বহুৱাই নিয়া ৰাহুলে পলায়ন কৰা যুক্তি কোনো কাৰণতেই মানি ল’ব নোৱাৰি ৷

ৰাহুল হাজৰিকাৰ পিতৃৰ মতে ৰাহুল আলফা সংগঠনৰ সক্ৰিয় সদস্য আছিল ৷ ২০১৯ চনত ৰাহুলে সংগঠন ত্যাগ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ সি এটা দুবছৰীয়া সন্তানৰ পিতৃ ৷ ঘৰতেই সাধাৰণ দোকান এখন দি জীৱন নিৰ্বাহ কৰে ৷

আত্মসমৰ্পণ কৰাৰ পিছত লাভ কৰা টকাৰে এখন স্কুটি কিনিছিল ৷ সি পলায়ন কৰা মানুহ হ’বই নোৱাৰে ৷ কি পৰিস্থিতিত তাক আৰক্ষীয়ে গুলীয়ালে এইকথা ৰাজহুৱা হ’ব লাগে বুলি তেওঁ কয় ৷