শিৱসাগৰ

দিখৌ মথাউৰিত অ’এনজিচিৰ গধুৰ যন্ত্ৰাংশ পৰিবাহী ট্ৰেইলাৰ আৱদ্ধ: ব্যাপক শংকাত স্থানীয় ৰাইজ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ হাতীখোঁক অঞ্চলৰ দিখৌ নদীৰ মথাউৰিত বৃহস্পতিবাৰে নিশা অ’এনজিচিৰ গধুৰ যন্ত্ৰ পৰিবহণ কৰা এখন ট্ৰেইলাৰ গাড়ী আৱদ্ধ হৈ পৰাক লৈ অঞ্চলটোৰ ৰাইজে ব্যাপক সমস্যা আৰু শংকাত ভুগিব লগা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা অ’এনজিচিৰ গধুৰ যান-বাহন পৰিবহণ কৰা দুখন বৃহৎ ট্ৰেইলৰ ভুল 'ৰোড নেভিগেচন'ৰ ফলত মূল পথেৰে দিখৌ দলঙত উঠাৰ সলনি কাষৰ মথাউৰিয়েদি হাতীখোঁক অঞ্চলত প্ৰৱেশ কৰে। ঠেক মথাউৰিত উঠি 'ৰোড নেভিকেচন' ভুল হোৱা বুলি বুজিব পৰাৰ আগতে জে.এইচ. ১২ পি ৭৯১৮ নম্বৰৰ ট্ৰেইলাৰখন মথাউৰিৰ মাজত আৱদ্ধ হৈ পৰে।

সৌভাগ্যবশতঃ পিছৰ ট্ৰেইলাৰখন মথাউৰিৰ পৰা ওলাই যাবলৈ সক্ষম হয় যদিও আনখন ট্ৰেইলাৰ বিপদসংকুলভাৱে হাতীখোকৰ মথাউৰিত আৱদ্ধ হৈ পৰে। ফলত শুকুৰবাৰে পুৱাৰে পৰা উক্ত পথটোত যাতায়ত বন্ধ হৈ পৰাৰ লগতে বিপদজনকভাৱে হেলনীয়া হৈ পৰা ট্ৰেইলাৰখনে কাষৰ দুটাকৈ ঘৰলৈ ভাবুকি মাতি আনিছে ।ইয়াৰ সামান্তৰালভাৱে প্ৰায় ৪৫টন ওজনৰ যন্ত্ৰাংশ আৰু গাড়ীখনে সীমিত ভৰ পৰিবহণ ক্ষমতা সম্পন্ন মথাউৰিটোৰ প্ৰতিও বিঘিনি মাতি অনাৰ আশংকাই দেখা দিছে।

ইতিমধ্যে ঘটনাস্থলীত জলসম্পদ বিভাগৰ লগতে,শিৱসাগৰ আৰক্ষী প্ৰশাসন তথা অ'এনজিচিৰ কৰ্তৃপক্ষ উপস্থিত হৈ ঘটনাৰ বুজ লয়। অৱশ্যে বৰ্তমানলৈকে আৱদ্ধ হৈ থকা বাহনখন কি উপায়েৰে মথাউৰিৰ পৰা উলিয়াব পৰা যায় সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰা হোৱা নাই। অ'এনজিচিৰ কৰ্তৃপক্ষই ঘটনাৰ বুজ লৈ শনিবাৰে বাহনখন বাহিৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

অৱশ্যে দিখৌ নদীৰ পানী বিপদপৃষ্ঠৰ ওপৰত নাই বাবে মথাউৰিৰ প্ৰতি বিশেষ ভাবুকি নাই বুলি জলসম্প বিভাগৰ তৰফৰ জানিব দিছে যদিও বাহনখন উদ্ধাৰ কৰাৰ বাবে যদি গধুৰ ক্ৰেণৰ ব্যৱহাৰ কৰিব লগা হয় তেন্তে একে সময়তে দুখনকৈ গধুৰ বাহনে মথাউৰিটোৰ প্ৰতি সমস্যাৰ সৃষ্টি কৰিব নেকি সেইয়া সময়ত পৰ্যালোচনা কৰা হ'ব বুলি বিভাগে জানিব দিয়ে। ইতিমধ্যে শিৱসাগৰ আৰক্ষী প্ৰশাসনে নিশাটোৰ বাবে ট্ৰেইলাৰখনৰ লগতে পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ বাবে আৰক্ষী মোতায়ন কৰিছে বুলি জানিব পৰা গৈছে।