শিৱসাগৰ

শিৱসাগৰত তাই আহোম ছাত্র সন্থাৰ অৰ্ধ-উলংগ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ মঙলবাৰে শিৱসাগৰত আটাছুৰ প্ৰতিবাদ। চৰকাৰৰ প্ৰৱঞ্চনাৰ ক্ষোভত অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰে আটাছুৱে। চহৰতখনত তাই আহোম জনগোষ্ঠীয় সংগঠনটোয়ে হঠাৎ কৰা অৰ্ধ উলংগ প্ৰতিবাদত কিংকৰ্তব্যবিমূঢ় হৈ পৰে আৰক্ষী বিভাগ।

যোৱা কেইবাটাও বছৰ ধৰি তাই আহোমক জনজাতিকৰণৰ নামত প্ৰৱঞ্চনা কৰি থকাত ক্ষুন্ন হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সংগঠনটোৰ অভিযোগ ৬০০ বছৰ ধৰি সমগ্ৰ অসমক নেতৃত্ব প্ৰদান কৰা তাই আহোমক চূড়ান্ত ভাৱে প্ৰতাৰণা কৰিছে চৰকাৰে। চৰকাৰৰ হেমাহি আৰু কুটিল ৰাজনীতিৰ বাবে তাই আহোম জনগোষ্ঠীৰ সংগঠনটোৱে অৰ্ধ উলংগ হোৱা বুলি ব্যক্ত কৰে।

উল্লেখ্য বিগত কেইবা বছৰ ধৰি আহোম জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছে যদিও প্ৰতি নিৰ্বাচনৰ আগত চৰকাৰে আভুৱা ভাৰি আহিছে। নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছতেই পুনৰ জনগোষ্ঠীটোক প্ৰৱঞ্চনা কৰাৰ অভিযোগ ৷ সেয়েহে মঙলবাৰে ঐতিহাসিক শিৱদ'ল প্ৰাঙ্গনৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ অৰ্ধ উলংগ হৈ কাৰ্যালয়ৰ সমুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা ৱাক থু,ন এছটি ন' ৰেষ্ট আদি শ্ল’গান দি তাই আহোম ছাত্র সন্থাৰ সদস্যসকলে পৰিস্থিতি উত্তাল কৰি তোলে। আন্দোলনৰ নেতৃত্ব দিয়া অখিল আহোমে অনাগত দিনত যদি ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে তাই আহোমৰ জনজাতিকৰণৰ দাবীক গুৰুত্ব প্ৰদান নকৰে, তেন্তে অনিৰ্দিষ্ট সময়ৰ বাবে অসম বন্ধৰ লগতে আত্মজাহৰ দৰে চূড়ান্ত কাৰ্যসূচী হাতত লোৱাৰ ভাবুকি দিয়ে।