শিৱসাগৰ

জলমগ্ন শিৱসাগৰঃ বাঢ়নী পানীৰ কবলত আজানপীৰ দৰগাহ...

Asomiya Pratidin

ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰ জিলাত বিগত কেইবাদিনৰ পৰা হৈ থকা ধাৰাবাহিক বৰষণুৰ ফলত মূল নদী ব্ৰহ্মপুত্ৰৰ লগতে উপনদী সমূহৰ জলপৃষ্ঠ ব্যাপক হাৰত বৃদ্ধি পাইছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ লগতে দিহিং,দিচাং,দিখৌ আদি নদীৰ জলপৃষ্ঠ তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে।

বৰ্ধিত জলস্তৰৰ ফলত নৈপৰীয়া বিভিন্ন অঞ্চলত বাঢ়নী পানীয়ে বানৰ ভাবুকি কঢ়িয়াই আনিছে। নিশা ৮ বজালৈ ৰেকৰ্ড কৰা তথ্য অনুসৰি জিলাখনৰ ব্ৰহ্মপুত্ৰ নদী দিচাংমুখ অঞ্চলত বিপদ সীমাৰ ৯২.৩৪ মিটাৰ ওপৰেৰে পানী বৈ থকাৰ বিপৰীতে নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰে ৩৩ বছৰৰ অভিলেখ ভংগ কৰিছে।

বিভাগৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ৮৭.৩৯ মিটাৰ ওপৰেৰে বৈ আছে। ইয়াৰ আগত ১৯৯১ চনত নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ সৰ্বাধিক ৮৭.৩৭ মিটাৰলৈ ৰেকৰ্ড কৰা হৈছিল।

জলসম্পদ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি, শিৱসাগৰ জিলাত দিখৌ নদী বিপদ সীমাৰ ৯৩.৬৯ মিটাৰৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে দিহিং নদী বিপদ সীমা পাৰ কৰি ৯৮.৯০ মিটাৰ ওপৰত বৈছে।সেইদৰে দিচাং নদীও বিপদ সীমাৰ ৯৫.৮০ মিটাৰৰ বিপৰীতে ৯৫.৯০ মিটাৰৰ ওপৰেদি বৈ থকা বুলি তথ্য পোৱা গৈছে। আগন্তুক সময়ত উজনি অসমত বৰষণুৰ সম্ভাৱনা সন্দৰ্ভত ৰেড এলাৰ্ট জাৰি কৰাক লৈ এই নদী সমূহৰ জলস্তৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। 

বাঢ়নী পানীৰ ফলত শিৱসাগৰ, ডিমৌ আৰু নাজিৰাত আজি নিশালৈকে ২১খন গাঁও  জলমগ্ন হোৱাৰ বাতৰি লাভ কৰা হৈছে ৷ শিৱসাগৰত এতিয়ালৈকে ৪০ হেক্টৰ আৰু ডিমৌত ২০ হেক্টৰ কৃষি ভূমি জলমগ্ন হৈছে ৷ লগতে জিলাখনত এই পৰ্যন্ত ৪৪৯০ টা আৰু ডিমৌত ১৮৫৩ টা পশুধন বানৰ কবলত পৰিছে ৷

শিৱসাগৰত ২ খন আৰু ডিমৌত এখন বিদ্যালয় বানত ডুব গৈছে ৷ একেদৰে শিৱসাগৰত ১৩ আৰু ডিমৌত ২ টা অংগনবাড়ী কেন্দ্ৰ বানৰ কবলত পৰিছে ৷ তথ্য অনুসৰি শিৱসাগৰ ৰাজহচক্ৰৰ বনগাঁও, দিচিয়াল ঢুলীয়া, গোৱলা গায়েন গাঁও, আলিচিগা, জগৰাহাবি মামলমিৰি, অফলা এন চি, চিতল ডুবি, খৰাধৰা, দিচিয়াল, দিখৌমুখ, লিগিৰিবাৰী, ২ নং চিন্তামণিগড়, গটঙা পথাৰ কচুকটা আৰু লেপাই গাঁও প্লাবিত হৈছে ৷

ডিমৌ ৰাজহচক্ৰৰ দিচাং দেউৰীহাবি,দিহিং কলঘৰ আৰু বৰপথাৰ বানত আক্ৰান্ত হৈছে । নাজিৰা ৰাজহচক্ৰৰ  লিকচন আৰু বাইলুং গাঁও বানত ডুব গৈছে ৷ ব্ৰহ্মপুত্ৰৰ দিচাংমুখ, নাজিৰাত দিখৌ নদী আৰু দিহিংমুখত নদীৰ পানীয়ে বিপদ সীমা অতিক্ৰম কৰিছে৷

ইফালে বানত ডুব গৈছে দিখৌমুখৰ ঐতিহাসিক আজান পীৰ দৰগাহ। ঐতিহ্যমণ্ডিত এই দৰগাহ  যোৱা নিশাৰে পৰা  ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানে প্লাবিত কৰাত সমগ্ৰ স’ৰাগুৰি অঞ্চলৰ ৰাইজে ভয়াৱহ সদস্যৰ মাজত দিন কটাবলগীয়া হৈছে। দিখৌমুখৰ স’ৰাগুৰি চাপৰিত দুদিনৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

বৰলুইতে চাপৰি অঞ্চলটোৰ বৃহৎ এলেকা নিজৰ বুকুত সামৰি লোৱাৰ ফলত অঞ্চলটোলৈ ভয়ংকৰ বিপদ নামি আহিছে। বৃহত্তৰ  স’ৰাগুৰি চাপৰিত আৰম্ভ হোৱা এই বিধ্বংসী বানে আটাইতকৈ বেছি আজান পীৰ দৰগাহলৈ বিপদ কঢ়িয়াই আনিছে। এই বানৰ ফলত আজান পীৰ দৰগাহ চৌহদত থকা মছজিদ ঘৰ, সভাকক্ষ, অতিথিশালা, ৰান্ধনীঘৰৰ উপৰিও দৰগাহৰ তদাৰকৰ বাবে থকা খাদিমৰ ঘৰো সম্পূৰ্ণ ভাৱে বানত ডুব যায়।

যোৱা নিশা হোৱা বৰষুণৰ পাছতেই আজি পুৱা আজান পীৰ দৰগাহৰ চৌহদত থকা এজোপা প্ৰকাণ্ড গছ উভালি পৰাত অঞ্চলটোত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত বন বিভাগৰ এটি দলে ৰাইজৰ সহযোগৰ লগতে দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনল ৰচিদৰ বিশেষ তৎপৰতাত গছজোপা কাটি পথটো মুকলি কৰিবলৈ সক্ষম হয়। আনহাতে, দিখৌমুখৰ স’ৰাগুৰি চাপৰিৰ লগতে ঐতিহাসিক দিচাংমুখ অঞ্চলটো ব্ৰক্ষ্মপুত্ৰ আৰু দিচাং নদীৰ প্ৰবল বানে তাণ্ডব চলোৱা দেখা গৈছে।

দিচাংমুখৰ অঞ্চলৰ গাতে লাগি থকা অফলা, চৰাইপৰা, গড়ভগা, মামল গড়ভগা, মাজৰবাৰী, লিগিৰীবাৰী, আলিছিগা, বলমা গাঁৱকে ধৰি ভালেসংখ্যক গাঁও সম্পূৰ্ণ ৰূপে বানত ডুব গৈছে। শিৱসাগৰ জিলা প্ৰশাসন তৰফৰ পৰা ৰাজহ চক্ৰ বিষয়া চৈয়দ নেকিব ৰহমানৰ নেতৃত্বত যোৱা এটি বৃহৎ দলে আজি ঐতিহাসিক দিখৌমুখৰ স’ৰাগুৰি চাপৰি আৰু দিচাংমুখৰ সমগ্ৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।