শিৱসাগৰৰ গেলেকীত তিনিটাকৈ শিশুৰ আকস্মিক মৃত্যু : আতংকময় পৰিৱেশ  
শিৱসাগৰ

শিৱসাগৰৰ গেলেকীত তিনিটাকৈ শিশুৰ আকস্মিক মৃত্যু : আতংকময় পৰিৱেশ...

Asomiya Pratidin

ডিজিটেল সংবাদ নামতিঃ বানপানীৰ পিছত আতংকৰ সৃষ্টি কৰা জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ ভয়াবহতাৰ মাজতে শিৱসাগৰ জিলাৰ গেলেকীত তিনিটাকৈ শিশুৰ আকস্মিক মৃত্যুৱে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। গেলেকীৰ সোণাপুৰ ৰাছি লাইনত এইদৰে আকস্মিকভাৱে তিনিটিকৈ শিশুৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা আতংকময় পৰিবেশৰ মাজতে এটা চিকিৎসকৰ দল আজি গাওঁখনত উপস্থিত হয়।

ইফালে গাওঁখনৰ এতিয়াও ৫ জন অসুস্থ হৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে। ইয়াৰ মাজত আছে আন দুটি শিশু। এনে পৰিস্থিতিত আজি গাওঁখনত গেলেকীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা দল উপস্থিত হৈ স্থানীয় সকলো লোকৰে স্বাস্থ্য পৰীক্ষা কৰে।

কিন্তু কি কাৰণত তিনিটাকৈ শিশুৱে কৰুণ মৃত্যুক সৱতি ল'লে সেই বিষয়ে বাতৰি লিখাৰ সময়লৈকে স্পষ্ট হোৱা নাই। উল্লেখ্য যে, মৃত্যু হোৱা শিশু কেইটাৰ ভিতৰত দুটি শিশুৰ বয়স ৬ বছৰ আৰু এটি শিশুৰ বয়স আছিল ৮ বছৰ।

মৃত তিনিটি শিশুৰ ভিতৰৰ এটি শিশু শাৰিৰীক ভাৱেসক্ষম শিশু আছিল বুলিও জানিব পৰা গৈছে। ইফালে, গেলেকী প্ৰাথমিক চিকিৎসালয়ৰ দলটোৱে তাৎক্ষণিকভাৱে অঞ্চলটোলৈ গৈ প্ৰাথমিক চিকিৎসা আৰম্ভ কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে। তেওঁলোকে গেলেকীবাসী ৰাইজক আতংকিত নহ'বৰ বাবেও আহ্বান জনাইছে।