শিৱসাগৰ

আমগুৰিত ট্ৰাকসহ ২ কোটিৰো অধিক টকাৰ চোৰাং চুপাৰি জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত থকা হালুৱাটিঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামজী দলেৰ লগত গোপন বুজাবুজি কৰি কেইবাটাও চক্ৰই ম্যানমাৰৰ পৰা চোৰাংভাৱে চুপাৰি  আনি কোটি কোটি টকাৰ ব্যৱসায় কৰি অহাৰ অভিযোগ উঠিছে ৷ এনে সময়তে শুকুৰবাৰে কাহিলি পুৱাই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন সূত্ৰৰ পৰা চোৰাং চুপাৰি সৰবৰাহৰ তথ্য লাভ কৰি আমগুৰি আৰক্ষীক খবৰ দিয়ে ৷

এই খবৰ লাভ কৰিয়েই আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে দুখনকৈ চুপাৰিভৰ্তি  ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে চোৰাং চুপাৰি সৰবৰাহ কৰা তিনি চোৰাং বেপাৰী ক্ৰমে জিকু , অৰিন্দম আৰু মলয় পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনত প্ৰায় ২ কোটিৰো অধিক টকাৰ চুপাৰি মজুত থকাৰ কথা সদৰী কৰে।

জব্দকৃত ট্ৰাক দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে পি পি ০৫ এ আৰ ৪৯৩০ আৰু পি পি ০২ ই কিউ ৮০০৩ ৷  চোৰাং চুপাৰি সৰবৰাহৰে জড়িত থকা বেপাৰীকেইটাই এ এ ০৪ জেদ ৬৫০০ ক’লা ৰঙৰ টাটা হেৰিয়াৰ গাড়ীৰে পহৰা দি ট্ৰাক দুখন পাৰ কৰোৱাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ত কৰিব বিচাৰে যদিও আৰক্ষীৰ বেহু ফালি পলায়ন কৰে ৷ ইয়াৰে চোৰাং বেপাৰী এটা জাতীয় সংগঠনৰ বিষয়ববীয়া ৷ জাতীয় সংগঠনৰ নাম লৈ আমগুৰিত দুটা দালালে চুপাৰি চিণ্ডিকেটৰ নেতৃত্ব দিয়াৰ কথা পোহৰলৈ আহিছে ৷

উল্লেখযোগ্য যে হালোৱাটিং থানাৰ সন্মুখেৰে পুৱা ৪-৩০ বজাত  চুপাৰিভৰ্তি ট্ৰাক কিদৰে পাৰ হ’ল তাকলৈ প্ৰশ্ন উঠিছে ৷ আনহাতে থানাৰ সন্মুখৰ পৰা পলায়ন কৰা সংগঠনৰ নেতা তথা চুপাৰি চিণ্ডিকেটৰ নায়কক এই পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰা নাই তাকলৈও প্ৰশ্ন উঠিছে ৷