শিৱসাগৰ

পাঠদান চলি থাকোতেই বিদ্যালয়ৰ পৰা ছাত্ৰক অপহৰণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ আমগুৰিত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণৰ কাণ্ড পোহৰলৈ আহিছে। বুধবাৰে সংঘটিত হয় এই ঘটনা।

আমগুৰিস্থিত মণ্টেশ্বৰী জাতীয় বিদ্যালয়ৰ পৰা অপহৰণ ছাত্ৰগৰাকীক। অপহৃত ছাত্রজনৰ নাম অনিকীত দুৱৰী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে তিনি দুৰ্বৃত্তই আহি বিদ্যালয়ৰ পৰাই অপহৰণ কৰে অনিকীতক।ইতিমধ্যে ঘটনা সন্দৰ্ভত আমগুৰি থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

ছাত্ৰগৰাকীৰ পিতৃয়েও অপহৰণ সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।