শিৱসাগৰ

শুভলক্ষী দত্তক গ্ৰেপ্তাৰৰ দাবীত আমগুৰি-গেলেকী বাগিছাত প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ বনকৰা মহিলাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষী দত্তক গ্ৰেপ্তাৰৰ দাবীত দুখনকৈ বাগিছাত প্ৰতিবাদ। আমগুৰিৰ লাদৈগড় চাহ বাগিছা আৰু গেলেকী মুদিনগৰ চাহ বাগিছাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাগিছাৰ কৰ্মীসকলে।

অসম চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ বাগিছাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক চাহ শ্ৰমিকে শুভলক্ষী দত্তৰ প্ৰতিকৃতি দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষী দত্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে নিৰ্যাতনৰ বলী হোৱা অনিমা প্ৰজাৰ সম্পূৰ্ণ চিকিৎসা প্ৰদানৰ দাবী কৰে প্ৰতিবাদীয়ে।

প্ৰতিবাদকাৰীসকলে অসম আৰক্ষী কাম নাই, গৃহ বিভাগ হায় হায়, অনিমা প্ৰজাক ন্যায় দিয়ক, অসম চৰকাৰ হায় হায় ইত্যাদি শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে।