অসম

শিৱসাগৰত আজিৰে পৰা আৰম্ভ গ্ৰন্থ উৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰত আজিৰে পৰা আৰম্ভ হৈছে গ্ৰন্থ উৎসৱ ৷ ‘খোজ’ৰ উদ্যোগত দহদিনীয়াকৈ গ্ৰন্থ উৎসৱ আৰম্ভ হৈছে ৷ অহা ২৪ অক্টোবৰলৈ চহৰৰ বৰ্ডিং খেলপথাৰৰ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হ’ব নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ ৷

অসমৰ প্ৰথমখন সংবাদ পত্ৰ অৰুনোদই আৰু অসমৰ প্ৰথম মহিলা আলোচনী "ঘৰ জেউতি "ৰ সূচিকা গৃহ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত দহদিনীয়াকৈ অনুষ্ঠিত গ্ৰন্থ উৎসৱক লৈ পাঠক সমাজ উৎফুল্লিত হৈছে।

গ্ৰন্থ উৎসৱৰ প্রথম দিনা পুৱা পতাকা উত্তোলন কৰে "খোজ"ৰ সভাপতি ৰুহিনী গগৈয়ে। বিয়লি গ্ৰন্থ উৎসৱৰ মূল তোৰণ উদ্‌ঘাটন কৰে শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিৱসাগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ড° প্ৰকাশ কটকীয়ে।

ইয়াৰ পিছতে গ্রন্থ উৎসৱৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা। আন্তর্জাতিক খ্যাতি সম্পন্ন আলোকচিত্র শিল্পী লুইত চলিহা সোঁৱৰণী মঞ্চত উদ্বোধনী অনুষ্ঠানতে উপাচাৰ্যগৰাকীয়ে প্ৰণৱ বৰা আৰু মুক্তাৱ হুছেইনৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "খোজ" উন্মোচন কৰে ।

উদ্বোধনী অনুষ্ঠানতে ২০২২ বৰ্ষৰ বাবে বিশিষ্ট শিক্ষাবিদ শ্রীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, ২০২৩ বৰ্ষৰ বাবে বিশিষ্ট সাংবাদিক, দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু ২০২৪ বৰ্ষৰ বাবে আদর্শ খেতিয়ক দীনেশ টায়েক ৰংপুৰ গৌৰৱ শীৰ্ষক সন্মান প্ৰদান কৰা হয়।