অসম

আমগুৰিত ভুৱা এছ পিৰ আতংকঃ ধমকি দি ফেৰিৱালাৰ পৰা লুটি নিলে ৫হাজাৰ টকা!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  শিৱসাগৰ জিলাৰ  আমগুৰিৰ হালোৱাটিং থানাৰ অন্তৰ্গত দোপদৰত এতিয়া ভুৱা এছ.পিয়ে আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, জিলাখনৰ গেলেকী মুদিনগৰৰ ৰাজু মুণ্ডা নামৰ এজন ফেৰিৱালাই চাইকেলেৰে ফেৰি কৰি বুঢ়াগাঁ‌ও দিশৰ পৰা আহি আছিল।

ৰাজু মুণ্ডাই শুকুৰবাৰে দুপৰীয়া অতিমাত্ৰা গৰমৰ বাবে দোপদৰ বৰুৱা কাঠকতীয়া পথৰ কাষৰ এজোপা গছত তলত জিৰণি লয়।  সেই সময়তে উক্ত স্থানত এখন বলেৰ বাহনত দুজন যুৱক আহে আৰু নিজে আৰক্ষী অধীক্ষক বুলি চিনাকি দিয়াৰ লগতে ফেৰিৱালা জনৰ চাইকেল খন গুৰিয়াই সামগ্ৰীৰ ক্ষতিসাধন কৰে।

ভুৱা আৰক্ষী অধীক্ষকগৰাকীয়ে আনকি ফেৰিৱালাক টকা দাবী কৰাত ফেৰীৱালাই টকা দিবলৈ অমান্তি হয়।  ফলত ভুৱা এছ পিগৰ জনে লুটপাত চলাই নগদ প্ৰায় ৫ হাজাৰ টকা কাঢ়ি লৈ উধাও হয়।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ফেৰিৱালা গৰাকীয়ে ন্যায় বিচাৰি হালোৱাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে, হালোৱাটিংআৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। দিনদুপৰতে নিজকে এছ পি বুলি পৰিচয় দি সন্ত্ৰাস চলোৱা ভুৱা যুৱকজনক হালোৱাটিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব নে নহয় সেইয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।