অসম

ধন দাবী কৰি গ্ৰেপ্তাৰ আমছুৰ পৰা অপসাৰিত হোৱা স্বয়ম্ভু নেতা

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ উলুৱনি থানাৰ অন্তৰ্গত বৰঘুলিৰ এগৰাকী আমছুৰ স্বয়ম্ভু নেতাই যুৱকক ভয়ভীতি দেখুৱাই আবদ্ধ কৰি ৰখাৰ লগতে চাৰিলাখ টকা দাবী কৰি ৰঙা ঘৰৰ আলহী হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত কেইমাহমান পূৰ্বে আমছু নামৰ ছাত্ৰ সংগঠনৰ পৰা অপসাৰিত হোৱা চফিকুল ইছলামে পৰবৰ্তী সময়ত স্বয়ম্ভুনেতা হিচাপে সংখ্যালঘু অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰি নানা অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

শেহতীয়াকৈ আমবাগান আৰক্ষী থানা এলেকাধীন কাঠপৰা অঞ্চলৰ মাকমাদুল হক নামৰ এজন যুৱকক আৱদ্ধ কৰি চাৰি লাখ টকা দাবী কৰাৰ অভিযোগত চফিকুল ইছলামক গ্ৰেপ্তাৰ কৰিছে উলুৱনি আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি), ৩৬৫,৩৮৪,৩৯২,৫০৬ ধাৰাত ১০/২৪ নম্বৰত উলুৱনি আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত চফিকুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ভুক্তভোগী মাকমাদুল আৰু তেওঁৰ পৰিয়ালে ঘটনা সন্দৰ্ভত জানিব দি ক‌য় যে, বহিঃৰাজ্যত কৰ্মৰত হৈ থকা সময়তে মোবাইল ফোনযোগে চিনাকি হৈছিল এগৰাকী যুৱতীৰ সৈতে। ১৯ ফেব্ৰুৱাৰী দিনা যুৱতী গৰাকীক লগ কৰিবলৈ যুৱকজন বৰঘুলিত আহোতে চফিকুল ইছলাম আৰু কেইবাগৰাকী মহিলাই লগ হৈ যুৱক জনক আৱদ্ধ কৰি চাৰিলাখ টকা দাবী কৰে। অন্যথা যুৱক জনে যুৱতী গৰাকীক বিয়া পাতিব লাগিব বুলি হেঁচা দিয়ে চফিকুলৰ লগতে কেইগৰাকীমান মহিলাই।

আমছুৰ স্বয়ম্ভুনেতা চফিকুল ইছলামে যুৱতী গৰাকী আৰু মহিলা কেইগৰাকীৰ সহযোগত এনেবোৰ কুকৰ্মৰ জাল পাতি ধন দাবী কৰা ঘটনা সংঘটিত কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে।