অসম

ভয়ংকৰ পথ দুৰ্ঘটনাঃ টেক্টৰৰ খুন্দাত শোণিতপুৰত এজনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ যোৱা সোমবাৰে নিশা শোণিতপুৰত সংঘটিত হয় ভয়ংকৰ এক পথ দুৰ্ঘটনা। শোনিতপুৰৰ ধাৰিকাটি পালেং গাওঁত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হয় যোৱা নিশা। ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন।

চিভা মিলি নামৰ এজন যুৱকৰ মৃত্যু হয় টেক্টৰৰ খুন্দাত৷ দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেক্টৰ চালকজন পলায়ন কৰে। ঘটনাস্থলীত চাৰিদুৱাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চালকগৰাকীৰ সন্ধান লাভ কৰা নাই।  আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।