অসম

যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জীয়া ভৰলী নদীৰ চকীঘাট দলঙৰ সমীপত শুকুৰবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। যাত্ৰীবাহী অল্ট্ৰা বাছ আৰু ডাম্পাৰৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা।

AS-12-BC -1339 নম্বৰ আলট্ৰা আৰু AR- 04- 7017 নম্বৰৰ ডাম্পাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত দুয়োখন বাহনেই ক্ষতিগ্ৰস্ত হয়। অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই পথ দুৰ্ঘটনাত।