শোণিতপুৰ

সদৌ অসম গৰাইত সমাজৰ ৩০সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,শোণিতপুৰঃ শোণিতপুৰ জিলাৰ মনিজাৰণিত সদৌ অসম গৰাইত সমাজৰ ৩০ সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হয়। সদৌ অসম গৰাইত সমাজৰ জিলা সমিতিৰ উদ্যোগত আৰু মনিজাৰণি প্ৰাথমিক গোটৰ সমূহ কুটুম্ব ৰাইজৰ সহযোগত মনিজাৰণি খেলপথাৰত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে।

মনিজাৰণিৰ খেলপথাৰত সমাজকর্মী শংখধৰ চাহু, বিনোদ বড়ো আৰু পৱন কিষাণে পুৱা গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্রাত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা গৰাইত সমাজৰ পুৰুষ-মহিলা আৰু যুৱক-যুৱতীসকলে ঢোল, নাগাৰা বজাই নৃত্য-গীত কৰি সমগ্ৰ অঞ্চলটো পৰিভ্ৰমন কৰে।

সাংস্কৃতিক শোভাযাত্রাৰ পিছতে ৰাইজ মনিজাৰণি খেলপথাৰত একত্ৰিত হৈ পৰম্পৰাগত নৃত্য-গীত কৰি আনন্দত মতলীয়া হৈ পৰে। এই উপলক্ষে মনিজাৰণিত পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়।