শোণিতপুৰ

শোণিতপুৰত জব্দ চোৰাং কাঠভৰ্তি বাহন...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত বন বিভাগে এক ব্যাপক অভিযান চলায়। অভিযানত বন বিভাগে জব্দ কৰে চোৰাং কাঠসহ এখন ব'লেৰ পিকআপ বাহন।

উল্লেখযোগ্য যে চাৰিদুৱাৰ বন বিভাগে এক গোপন সুত্ৰৰ পম খেদি গড়মৰাৰ পৰা জব্দ কৰে চোৰাং কাঠসহ এখন ব'লেৰ পিকআপ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ এএছ১২বিচি৬১০৮ নম্বৰৰ এখন ব'লেৰ পিক আপ বাহনত বগিজুলি দিশৰ পৰা চাৰিদুৱাৰ অভিমুখে আহি থকা অৱস্থাত চাৰিদুৱাৰ বন বিভাগে জব্দ কৰে অবৈধ্যভাৱে সৰবৰাহ কৰা কাঠ সহ গাড়ীখন। জব্দকৃত চোৰাং কাঠখিনিৰ মূল্য আনুমানিক ৫০ হাজাৰ টকা হব বুলি বন বিভাগে প্ৰকাশ কৰিছে।