শোণিতপুৰ

বালিজুৰিত ৫৫সংখ্যক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাট : নদুৱাৰ অঞ্চলৰ ইটাখোলাৰ বালিজুৰিত ৫৫ সংখ্যক সাৰ্ব্বজনীন দুৰ্গোৎসৱ উদযাপন কৰা হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয় ভূমি বালিজুৰিত আয়োজিত দুৰ্গা পূজাৰ প্ৰথম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ শুভ উদ্ধোধন কৰে জিলা পৰিষদৰ প্ৰাক্তন সদস্য যুৱসমাজকৰ্মী কিশোৰ দাহালে ৷

শুকুৰবাৰে নৱমীৰ দিনা পুৱাৰে পৰাই অগনন ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ৷ ভক্তপ্ৰাণ ৰাইজে মা দুৰ্গাৰ আশীৰ্বাদৰ ল'বলৈ ভিৰ কৰে পূজা মণ্ডপত।

বালিজুৰি সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত দুৰ্গা পূজা উপলক্ষে আজি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব সুকন্ঠী গায়িকা সুস্মিতা শৰ্মাৰ গীতৰ শৰাই। এই অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি শিৱ কুমাৰ গুপ্তা আৰু সম্পাদক হেমন্ত শৰ্মাই সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে ।