শোণিতপুৰ

জামুগুৰিহাটত দুষ্প্ৰাপ্য এজাক ভাটৌ চৰাইৰ নান্দনিক দৃশ্য

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত এজাক দুষ্প্ৰাপ্য ভাটৌ চৰাইৰ নান্দনিক দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । জামুগুৰিহাটৰ গড়বিল হৈ ৰঙাচকুৱা সংযোগী পথৰ কাষৰ এখন পথাৰৰ মাজতে এতিয়া বিয়লিৰ ভাগত প্ৰায়ে বিচৰণ কৰে এইজাক দুষ্প্ৰাপ্য ভাটৌ চৰাইয়ে । তিনিশৰো অধিক ভাটৌ থকা এই ভাটৌচৰাইৰ জাকটোৱে পথাৰত বিচৰণ কৰি নিজৰ আহাৰ বিচৰাৰ লগতে কাকলিৰে মুখৰিত কৰি তোলে অঞ্চলটো ।

সাধাৰণ ভাটৌ চৰাইতকৈ কিছু পৰিমাণে ডাঙৰ এই দুষ্প্ৰাপ্য ভাটৌ চৰাইৰ জাকটোক শীতৰ বতৰত অহা অতিথি চৰাই হিচাপেই গণ্য কৰিছে অঞ্চলবাসীয়ে । শীতৰ বিয়লি এচাটি ৰঙাৰ'দ লৈ জামুগুৰিহাটৰ গড়বিল পথাৰৰ মাজত এইদৰেই নিৰ্ভয় নিসংকোচে প্ৰতি বিয়লি বিচৰণ কৰা দুষ্প্ৰাপ্য এই ভাটৌ চৰাইজাকে স্বাভাৱিকতে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰকৃতি প্ৰেমী সকলো শ্ৰেণীৰ ৰাইজৰ ।