শোণিতপুৰৰ ৰঙাপাৰাত আপৰ 'অসমতো কেজৰিৱাল অভিযান' 
শোণিতপুৰ

শোণিতপুৰৰ ৰঙাপাৰাত আপৰ 'অসমতো কেজৰিৱাল অভিযান'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শোণিতপুৰত আম আদমী পাৰ্টিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা। মঙলবাৰে ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপাৰা গাওঁ পঞ্চায়তত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নেতৃত্বত ৰূপায়ন কৰা হয় অসমতো কেজৰিৱাল অভিযান।

আপৰ শোণিতপুৰ জিলা সমিতি আৰু লোকসভা সমষ্টি কমিটিৰ বহুসংখ্যক দলীয় কৰ্মী সমৰ্থকে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নিৰ্বাচনৰ পূৰ্বে সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্য মঙলবাৰৰ পৰা ৰঙাপাৰাত এই কাৰ্যসূচী আৰম্ভ কৰে।

ইতিপূৰ্বে শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আন আন বিধানসভা সমষ্টিতো এই অসমতো কেজৰিৱাল কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বিৰুদ্ধে সৰৱ হয় ।