শোণিতপুৰ

অনিয়মীয়া বিদ্যুৎ যোগান-মাচুল বৃদ্ধিঃ কলিয়াবৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো ৰাজপথ অৱোৰধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্যসকলে। শক্তিবিভাগৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে শক্তিমন্ত্ৰী মুদ্দাবাদ, অসম চৰকাৰ হায় হায় আদি ধ্বনি দি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। স্মাৰ্ট মিটাৰ দিলেই নহ'ব, শক্তি বিভাগটোও স্মাৰ্ট হ'ব লাগিব- কলিয়াবৰত এই দাবী ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ। শীঘ্ৰেই বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ লগতে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবী ছাত্ৰ সন্থাৰ ৷

আনহাতে, আজি নগাঁৱত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত সন্থাৰ সদস্য সকলে শক্তিমন্ত্ৰী মুৰ্দাবাদ , অসম চৰকাৰ হায় হায় ,শক্তি বিভাগ হায় হায় , বিজেপি নেতৃত্বাধীন অসম চৰকাৰ গ'বেক আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকাও দাহ কৰে।এই প্ৰতিবাদৰ ফলত কিছু সময়ৰ বাবে ৰাজপথত যানবাহনৰ চলাচল ব্যাহত হৈ পৰে।