শোণিতপুৰ

বিশ্বনাথত ভেজাল ৰাসায়নিক সাৰৰ ৰমৰমীয়া বেহা

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথ জিলাৰ গড়েহাগীত ভেজাল এঅ'পি আৰু ডিঅ'পি ৰাসায়নিক সাৰৰ ৰমৰমীয়া ব্যৱসায় চলিছে৷ জিলা খনত এচাম ধূৰন্দৰ বেপাৰীয়ে কৃষি বিভাগৰ দ্বাৰা অনুমোদনহীন এঅ'পি আৰু ডিঅ'পি ৰাসায়নিক সাৰৰ ব্যৱসায় চলাই আহিছে৷

প্ৰাপ্ত তথ্যমতে বিশ্বনাথৰ মেৰ্চাছ কৃষি কল্যাণ ছিড নামৰ সাৰৰ এজেন্সিটোৱে কিষাণ কোম্পানীৰ ডি অ' পি আৰু কিষাণ এম অ' পি সাৰ কৃষকক বিক্ৰি কৰি আহিছে৷ যদিও কিষাণ কোম্পানীৰ ডি অ' পি আৰু এম অ পি ৰাসায়নিক সাৰ কৃষি কাৰ্যত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কৃষি বিভাগে অনুমোদন জনোৱা নাই ৷ সেয়েহে মেৰ্চাছ কৃষি কল্যাণ ছিডক নিম্ন মাণদণ্ডৰ এই সমূহ সাৰৰ বিক্ৰী বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল বিশ্বনাথ জিলা কৃষি বিভাগে৷

কৃষি বিভাগৰ নিৰ্দেশনা লাভ কৰাৰ পিছতো গুডামৰ পৰা গোপনে সাৰ বিক্ৰী কৰি থকাৰ অভিযোগ উঠিছে মেৰ্চাছ কৃষি কল্যাণ ছিডৰ বিৰুদ্ধে৷ কৃষি বিভাগে ভেজাল সাৰৰ বিক্ৰী বন্ধ কৰিবলৈ কৃষি কল্যাণ ছিডক নিৰ্দেশ দিছে যদিও এতিয়ালৈকে ছীল কৰা নাই সাৰৰ গুডামটো।

শেহতীয়াভাৱে বিশ্বনাথ চাৰিআলিৰ গড়েহাগীত থকা সাৰৰ গুডামৰ সন্মুখত নিম্ন মানদণ্ডৰ সাৰ বিক্ৰী কৰি থকাৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। কৃষকৰ দাবী ভেজাল সাৰ ব্যৱসায়ী প্ৰতিষ্ঠানটো অতিশীঘ্ৰে জিলা প্ৰশাসনে গুডামটো ছীল নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে প্ৰতিবাদী খেতিয়কসকলে