নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বাৰ্ষিক অধিবেশন সম্পন্ন... 
শোণিতপুৰ

নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ বাৰ্ষিক অধিবেশন সম্পন্ন...

Asomiya Pratidin

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ ইটাখোলাস্থিত শ্রীমন্ত শংকৰদেৱ ভৱনত দেওবাৰে দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সপ্তম দ্বি-বাৰ্ষিক অধিবেশন ৷ পুৱা ৯ বজাৰ পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বৃক্ষৰোপন কাৰ্যসূচীৰ পিছতে নদুৱাৰ খণ্ড প্ৰাথমিক সন্মিলনীৰ সভাপতি ভাৰত জ্যোতি শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাই পুৰণি কমিটীখন ভংগ কৰি নতুন কমিটী গঠন কৰে৷

বিয়লি সন্মিলনীৰ জিলা সভাপতি জ্যোতি ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি দিয়া ভাষণ প্ৰসংগত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই শিক্ষকসকলক সমাজৰ ধৰনী স্বৰূপ বুলি মন্তব্য কৰি শিক্ষক সমাজক উদ্দেশ্যি তত্ত্বগধূৰ বক্তব্য প্ৰদান কৰে৷

বিধায়কগৰাকীয়ে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকসকলক ফুলাম গামোচাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰি প্ৰশংসা পত্ৰ প্ৰদান কৰে ৷ সভাৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই৷