শোণিতপুৰ

চাৰিদুৱাৰত 119Bn CRPF আৰু 30Bn CRPF ৰ মাজত ফুটবল প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,শোণিতপুৰঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰস্থিত 30Bn CRPFৰ মুখ্য কাৰ্য্যালয়ত চূড়ান্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ২১ আগষ্টৰ পৰা আৰম্ভ হোৱা যোৰহাট চেক্টৰৰ অন্তৰ্গত বেটেলিয়ন সমূহৰ এই খেলত মুঠ ১২টা দলে অংশগ্ৰহণ কৰে।

আজিৰ ফাইনেল প্ৰতিযোগিতাখন 119Bn CRPF আৰু 30Bn CRPF মাজত অনুষ্ঠিত হয়। 30Bn CRPF ৰ দলে 119Bn CRPF দলক ৫-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি বিজয় খিতাপ অৰ্জন কৰে।বৃহস্পতিবাৰে অনুষ্ঠিত এই খেলখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে যোৰহাট চেক্টৰৰ IGP বালিৰাম।