শোণিতপুৰ

বালিপৰাৰ চিলনীত ত্ৰয়োদশ বাৰ্ষিক গণেশ চতুৰ্থী উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাৰ ১৯ মাইল ৰেলগেটৰ চিলনী যুৱক সংঘৰ সৌজন্যত ত্ৰয়োদশ বাৰ্ষিক গণেশ চতুৰ্থী উদযাপন কৰা হয়। প্ৰত্যেক বছৰৰ ধৰে এই বছৰো অতি উলহ-মালহৰে গণেশ চতুৰ্থী পালন কৰে।

পুৱাৰ পৰা অগনন ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ সিদ্ধিদাতাক পূজা আগবঢ়ায়। ১৯ মাইল ৰেলগেট চিলনী যুৱক সংঘৰ সভাপতি পপিন্দ্ৰ পাচৱান সম্পাদক অজয় চৌধুৰীয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মংগল তথা কল্যাণৰ উদ্দেশ্য প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হয়৷