শোণিতপুৰ

জামুগুৰিহাটৰ খনামুখত ভাগৱত জ্ঞান মহাযজ্ঞ

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ খনামুখ বোকা গাঁৱৰ নেৱাৰ বস্তিৰ ভোলা ঘিমৰেৰ বাসভৱনত আজিৰে পৰা তিনি দিনীয়া কাৰ্য্যসুচীৰে মহাভাগৱত জ্ঞান মহযজ্ঞ অনুষ্ঠিত হৈছে৷ এই উপলক্ষে দেওবাৰে পুৱাই জীয়াভৰলী নদীৰ পৰা ভক্তপ্ৰাণ ৰাইজ ও মহিলাসকলে কলহত পানী লৈ জলযাত্ৰা কাৰ্য্যসুচীৰে শুভাৰম্ভ কৰে ধৰ্মীয় অনুষ্ঠানটি ৷

সোমবাৰেপুৱাৰে পৰা মহাভাগৱত পাঠ কাৰ্য্যসুচীৰে ভক্তপ্ৰাণ ৰাইজক আশিষ প্ৰদান কৰিব আচাৰ্য পণ্ডিত সুমন কৃষ্ণ শাস্ত্ৰীয়ে ৷ গাঁওখনৰ সৰবৰহী যুৱক ভোলা ঘিমৰেৰ প্ৰয়াত পিতৃৰ বিদেহ আত্মাৰ সদগতিৰ হকে পৰমেশ্বৰক প্ৰাৰ্থনা জনাই পৰিয়ালৰ সদস্যসকলৰ উদ্ধাৰ ও গাঁওবাসীৰ মংগলৰ অৰ্থে আয়োজন কৰা এই মহাভাগৱত জ্ঞান মহাযজ্ঞৰ সমুহ কাৰ্যসুচীত ভক্তপ্ৰাণ ৰাইজ ও আইমাতৃ সকলৰ উপস্থিতি কামনা কৰিছে ঘিমৰে পৰিয়ালবৰ্গই ৷