শোণিতপুৰ

জামুগুৰিহাটত বিহুনাচৰ কৰ্মশালাৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : অসমীয়া কলা-সংস্কৃতিৰ সাৰুৱা ভূমি জামুগুৰিহাটত অহা ১৫ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হ'ব বিহুনাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ ৷ নদুৱাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু ভৰলীপৰীয়া বিহুৱা দলৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই কৰ্মশালাত ৪ বছৰৰ পৰা ৩০ বছৰীয়া সকলো শ্ৰেণীৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব ৷

অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত হ'ব লগা এই কৰ্মশালাৰ অন্তিম দিনটোত অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷ ইতিমধ্যে বিহুৰ কৰ্মশালাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।