বিহালীত গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিশাল ৰোড শ্ব' 
শোণিতপুৰ

উপ নিৰ্বাচন : বিহালীত গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিশাল ৰোড শ্ব'

ৰোড শ্ব'ৰ মাজতে দুই নেতাৰ সন্মুখত জয়ন্ত বৰা জিন্দাবাদ ধ্বনি

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালী : বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব সংঘাতে ৰাজ্যৰ ৰাজনীতি জোঁকাৰণি সৃষ্টি কৰি থকাৰ সময়তে বিহালীত কংগ্ৰেছ নেতা, সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দিনজোৰা কাৰ্যসূচীৰে প্ৰায় ৫০ কিলোমিটাৰ দৈৰ্ঘৰ পথত ৰ'ড শ্ব কৰে ৷  বিহালী সমষ্টিৰ অন্তৰ্গত খৰাশিমলু, ৰতোৱা আৰু  জিনজিয়া পঞ্চায়ত এলেকাৰ খৰাশিমলু সাধাৰুপাৰ নামঘৰ, খৰাশিমলু বৰনামঘৰ, হনুমান মন্দিৰ, জিনজিয়া হৰিমন্দিৰ, শিৱ মন্দিৰত সেৱা জনাই নিৰ্বাচনী প্ৰচাৰ চলায় ৷ 

ইয়াৰ উপৰি গেলাপুখুৰী, ১ নং দিচিৰি, নিউ লাইন, জিনজিয়া চাহ বাগিছা, কুঁহিয়াৰবাৰী চেন্টাৰ আদিত ৰাইজক সাক্ষাৎ কৰি বক্তব্য প্ৰদানৰে বিহালীত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ইপিনে সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিহালীৰ তিনি পঞ্চায়ত এলেকাত চলোৱা ৰ'ড শ্ব'ৰ সময়তে দুই নেতাৰ সন্মুখতে একাংশ দলীয় সমৰ্থকে জয়ন্ত বৰা জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় ৷

পিছে সাংসদ গৌৰৱ গগৈ অথবা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জয়ন্ত বৰা জিন্দাবাদ ধ্বনি দিয়াৰ পিছতো কেনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ'ল ৷ ৰ'ড শ্ব কাৰ্যসূচীতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজহুৱা বক্তব্যত কয় যে বিহালীত দলে নিজাববীয়া প্ৰাৰ্থী প্ৰদান কৰিব ৷ ইতিমধ্যে বিহালীৰ প্ৰাৰ্থী সন্দৰ্ভত দলে বিবেচনা কৰি আছে ৷

বিপৰীতে সাংসদ গৌৰৱ গগৈয়ে কয়-  আমাৰ দলৰ নেতৃত্বই প্ৰাৰ্থী ক্ষেত্ৰত যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আমি মানি ল'ম ৷ সাংসদ গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কথাত স্পষ্ট যে বিহালীত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিব ৷

আনহাতে বিৰোধী দল চিপিআই(এম-এল) দলৰ নেতা বিবেক দাসে কয় যে বিৰোধী মিত্ৰ দল ধৰ্ম অনুসৰি বিহালী আসনখন চিপিআই(এম-এল) দলৰ প্ৰাৰ্থীক কংগ্ৰেছ দলে এৰি দিব লাগে ৷ বিবেক দাসে চিপিআই(এম-এল) দলৰ পৰা প্ৰতিদ্বন্দিতা কৰাক লৈ বিতৰ্ক সূচনা হোৱাত বিবেক দাসে বিৰোধী মিত্ৰতা ৰক্ষা আৰু বিজেপি দলক প্ৰতিহত কৰাৰ স্বাৰ্থত বিষ পাণ কৰিৱলৈ সাজু বুলি কয় ৷

তদুপৰি বিৰোধী মিত্ৰজোঁট ৰক্ষাৰ হেতু বিবেক দাসে আসনখনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কংগ্ৰেছ দলৰ প্ৰস্তাৱ মৰ্মে এক তিনিজনীয়া প্ৰাৰ্থী তালিকা অসম সন্মিলিত মৰ্চাৰ নেতৃত্বলৈ প্ৰেৰণ কৰে ৷ চিপিআই(এম-এল) দলৰ পৰা বিগত ২০১৪ চনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা লক্ষীকান্ত কুৰ্মী ,পৰিমল গোঁড় আৰু অৱসৰপ্ৰাপ্ত প্ৰশান্ত গগৈৰ নাম প্ৰাৰ্থী হিচাপে বাচনি কৰিৱলৈ প্ৰেৰণ কৰে যদিও কংগ্ৰেছ নেতৃত্বই সেই তালিকাও অগ্ৰাহ্য কৰি বিহালীত নিজাববীয়া প্ৰাৰ্থিত্ব প্ৰদানত অটল থাকে ৷

সাংসদ গৌৰৱ গগৈয়ে ৰ'ড শ্বৰ মাজতে ৰতোৱাৰ এক সভাত কয় যে যোৱাটো নিৰ্বাচনত যোৰহাটত গোটেই চৰকাৰখন নামি পৰিলে, তথাপিও যোৰহাটৰ ৰাইজে তেখেতক পৰাজিত কৰিলে ৷ এইবাৰ একেই কাম বিহালীৰ ৰাইজে কৰিব ৷

সাংসদ গৌৰৱ গগৈয়ে লগতে কয় - আজি বিজেপি দলৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে মনোনয় পত্ৰ দাখিলত যিমান মানুহ গৈছে তাতকৈ আমাৰ ৰ'ড শ্বত অধিক লোক আছে ৷ এইবাৰ বিহালীত আমাৰ জয় নিশ্চিত বুলি দাবী কৰে৷ ইফালে গৈৰৱ গগৈয়ে ৰ'ড শ্ব'ৰ সময়ত বিভিন্ন এলেকাত ঝুমুৰ ,গোৰ্খা নৃত্য প্ৰদৰ্শণ কৰি বিহালীৰ জনসাধাৰণৰ কাষ চাপিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷

অতি গুৰুত্বপূৰ্ণ যে ৰাজ্যৰ বিৰোধী দলৰ নেতা ভূপেন বৰা ,অখিল গগৈ, অজিত ভুঞা, লুৰীণজ্যোতি গগৈ , জন ইংতি কাথাৰকে ধৰি সকলো নেতাক নাকত ধৰি চাকত ঘূৰাইছে একালৰ বিহালীৰ বিজেপি নেতা জয়ন্ত বৰাই ৷ বিজেপি দলৰ প্ৰাৰ্থীত্বৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত জয়ন্ত বৰাই বিৰোধী দল কংগ্ৰেছ দলৰ পৰা বিহালীৰ প্ৰাৰ্থিত্ব বিচৰাৰ লগে-লগে বিৰোধীৰ বিহালী প্ৰাৰ্থী নিৰ্বাচনত জটিলতা সৃষ্টি হয় ৷

বিৰোধী দলৰ মিত্ৰজোঁট তথা অসম সন্মিলিত মৰ্চা চমুকৈ অসমে ৰাজ্যৰ পাঁচটা সমষ্টিৰ এটা সমষ্টি বিৰোধীৰ বাবে বিচাৰিছিল ৷ সেইমৰ্মে বিহালী আসন খন মিত্ৰদল চিপিআই(এম-এল) দলক এৰি দিয়াৰ সিদ্ধান্ত হৈছিল ৷

বিহালীৰ আসনখন বিৰোধী দল চিপিআই(এম-এল) দলৰ নেতা বিবেক দাসক প্ৰতিদ্বন্দিতাৰ বাবে এৰি দিবলৈ বিৰোধী বৈঠকত প্ৰস্তাৱ কৰিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু সাংসদ অজিত ভূঞাই৷  বিৰোধীৰ প্ৰস্তাৱ মৰ্মে বিহালী আসনখন চিপিআই(এম-এল)ৰ বিবেক দাসে প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছিল ৷ কিন্তু হঠাৎ বিৰোধী শিবিৰত লাগিল জুই ৷ যি জুইৰ তাপ বাঢ়ি বাঢ়ি গৈ চূৰ্ণ-বিচূৰ্ণ কৰিলে বিৰোধী মিত্ৰজোঁট ৷