শোণিতপুৰ

জামুগুৰিহাটৰ নামঘৰত চোৰে চলালে চাফাই অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠানত নিশা চোৰে চলালে চাফাই অভিযান। অঞ্চলটোৰ ডেকাসুন্দৰ গাঁওৰ নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোৰে দানপাত্ৰ ভাঙি লুটি নিলে নগদ ধন।

পুৱাৰ ভাগত নামঘৰীয়া আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে আৰু ওচৰ চুবুৰীয়াৰ লগতে জামুগুৰি আৰক্ষীকো ঘটনা সন্দৰ্ভত অৱগত কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা নামঘৰত এইদৰে চোৰে লুটপাত চলোৱা ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।