শোণিতপুৰ

খনামুখৰ ৰৌমাৰী এম ভি স্কুলত আটকধুনীয়া শিশু উদ্যান মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ খনামুখৰ ৰৌমাৰী এম,ভি স্কুল চৌহদত মঙলবাৰেএখন আটক ধুনীয়া শিশু উদ্যান মুকলি কৰে৷ তেজপুৰৰ R.D.Motors নামৰ মাৰুতী গাড়ী ডিলাৰৰ সমাজ কল্যাণ আঁচনিৰ অধিনত বিদ্যালয় কতৃপক্ষৰ সহযোগত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়মূখী কৰাৰ লগতে শিশুৰ শাৰিৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ উদ্দেশ্যে নিৰ্মাণ কৰি উলিওৱা শিশু উদ্যানখনি শুভ উদ্বোধন কৰে R.D.Motors ৰ মেনেজাৰ স্বৱনম আৰা বেগমে৷

অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰধান শিক্ষক উমাকান্ত ছেত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে R.D.Motors ৰ ইভেন্ট মেনেজাৰ অমিত বড়ো, চেলচ মেনেজাৰ প্ৰিয়ংকা দত্ত আৰু বৰ্ষীয়ান সমাজকৰ্মী কেশৱ উপাধ্যায়,মানসিং কটোৱালৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

R.D.Motors ৰ প্ৰশংসনীয় পদক্ষেপৰ আদৰণী জনাই শলাগ লয় অঞ্চলটোৰ ৰাইজ ও বিশিষ্ট ব্যক্তি সকলে৷ এই উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা গীত নৃত্য আদিৰ অনুষ্ঠানে এক উৎসৱমূখৰ পৰিবেশ সৃষ্টি কৰে৷