ট্ৰেডিঙৰ প্ৰৱঞ্চনাত জড়িত CID ৰো বিষয়া ! চাৰিদুৱাৰ আৰক্ষীয়ে পুনৰ আটক কৰিলে এজনক... 
শোণিতপুৰ

ট্ৰেডিঙৰ প্ৰৱঞ্চনাত জড়িত CID ৰো বিষয়া ! চাৰিদুৱাৰ আৰক্ষীয়ে পুনৰ আটক কৰিলে এজনক...

Asomiya Pratidin

ডিজিটেল সংবাদ তেজপুৰঃ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীয়ে ট্ৰেডিঙৰ নামত অবৈধভাৱে ধন সংগ্ৰহত জড়িত থকাৰ বাবে অঞ্জন চুপ্ৰিম’ দাস নামৰ এজন যুৱকক আটক কৰিছিল। এই যুৱকজনৰ তথ্যৰ ভিত্তিতে আজি চাৰিদুৱাৰ আৰক্ষীয়ে ১৪৬/২৪ গোচৰ নম্বৰৰ আধাৰত চি আই ডিত কৰ্মৰত এজন বিষয়াক আটক কৰিছে।

আটকাধীন বিষয়াজনৰ নাম সৰোজ ডেকা। বৰ্তমান সৰোজ ডেকাক চাৰিদুৱাৰ থানাত জেৰা চলাই আছে আৰক্ষীয়ে৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যত ট্ৰেডিঙৰ নামত একাংশ লোকে অবাধে শ শ কোটি টকা ধন লুণ্ঠন কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।

ট্ৰেডিং সম্পৰ্কে থকা অজ্ঞতাৰ বাবেই এইসকল প্ৰৱঞ্চকে নিশাটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখুৱাই মানুহৰ পৰা সংগ্ৰহ কৰি আহিছে লাখে লাখে ধন। ডি বি ষ্টক ব্ৰকিংৰ দীপাংকৰ বৰ্মনৰ ৪ হাজাৰ কোটি টকাৰ লুণ্ঠনৰ কাহিনীৰ পাছতে পোহৰলৈ আহিছিল বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা আদিয়ে মিলি লুণ্ঠন কৰা প্ৰায় ২ হাজাৰ কোটিৰ প্ৰৱঞ্চনা।

এনে প্ৰৱঞ্চনাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি চলা আৰক্ষীৰ অভিযানত ভিন্ন স্থানত বহু প্ৰৱঞ্চক গ্ৰেপ্তাৰ হৈছে। শোণিতপুৰ আৰক্ষীয়েও এই পৰ্যন্ত অভিযান চলাই বহু কেইজনক আটক কৰিছে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অঞ্জন সুপ্রিয় দাস নামৰ ভুৱা ট্ৰেডাৰজনক। তেওঁৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষী থানাত ১৪৬/২৪ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩১৬(২)/৩১৮(৪) আৰু আৰ/ডব্লিউ আইনৰ ২১(১)/২১(২)/২১(৩) বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিমছ ২০১৯ আইনৰ দ্বাৰা এটা ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছে।

তেওঁ আৰক্ষীৰ জেৰাত দিয়া তথ্যৰ আধাৰতে আজি চাৰিদুৱাৰ আৰক্ষীয়ে চি আই ডিত কৰ্মৰত সৰোজ ডেকাক আটক কৰিছে। ডেকা চি আই ডিৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ আছিল। তেওঁলোকে minningtradeexchange.com নামৰ এটা নিজাকৈ ৱেবচাইট খুলি ৰাজ্যজুৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল।

অভিযোগ অনুসৰি অঞ্জন সুপ্ৰিয় আৰু সুৰোয ডেকাই কেৱল চাৰিদুৱাৰ অঞ্চলতে প্ৰায় ৫০ লাখ টকা সংগ্ৰহ কৰি হজম কৰিছিল।