বিহালীত প্ৰেমলাল গঞ্জুৰ হৈ পৱন সিং ঘাটোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা...  
শোণিতপুৰ

বিহালীত প্ৰেমলাল গঞ্জুৰ হৈ পৱন সিং ঘাটোৱাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহালীঃ দেশৰ আন আন প্ৰান্তৰ দৰে ৰাজ্যৰ ১১ নং শোণিতপুৰ সংসদীয় সমষ্টিটো তীব্ৰতৰ হৈছে নিৰ্বাচনী কাম-কাজ ৷ শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ ব্যাপক প্ৰচাৰৰ সমান্তৰালকৈ কংগ্ৰেছ দল তথা বিৰোধী দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷

বিৰোধী প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে গাঁৱে-গাঁৱে গৈ সৰু সৰু সভা সমিতি অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতি, ইলেক্টৰে'ল বণ্ড কেলেংকাৰী, মূল্যবৃদ্ধি,অসম চুক্তি ৰূপায়ন,চাহ শ্ৰমিকৰ দৰমহা, কা (CAA) মোডীৰ প্ৰতিশ্ৰুতিক ইছ্যু হিচাপে লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে ৷ বিপৰীতে ৰঞ্জিত দত্তই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিক নিৰ্বাচনী প্ৰচাৰৰ বিষয় হিচাপে লোৱা দেখা গৈছে ৷

তাৰমাজতে সোমবাৰে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰহৈ বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নামি পৰা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক ৷ আজি কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে বিৰোধী প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক লগতলৈ বিহালীৰ কেইখনো গাওঁ আৰু বাগিছা এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায়৷

পৱন সিং ঘাটোৱাৰে নিৰ্বাচনী প্ৰচাৰ সভাত শাসকীয় দল, চৰকাৰ আৰু মোডীক তীব্ৰ সমালোচনা কৰে ৷ তদুপৰি পৱন সিং ঘাটোৱাৰে মোডী চৰকাৰে ইলেক্টৰে'ল বণ্ড নীতিৰ দ্বাৰা ঔষধ নিৰ্মাতা কোম্পানীৰ পৰা ইলেক্টৰে'ল বণ্ডৰ দ্বাৰা চান্দা লোৱাৰ ফলত জীৱনদায়িনী ঔষধৰ দাম বঢ়া বুলি কৈ মোডী চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে৷