শোণিতপুৰ

বালিপৰাৰ দিঘলী গাঁৱৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : বালিপৰাৰ দিঘলী গাঁৱৰ নৱনিৰ্মিত পথৰ অৱস্থা দেখিলে চকু কপালত উঠিব সচেতন লোকৰ। শোণিতপুৰ জিলাৰ দিঘলী গাঁৱৰ নৱনিৰ্মিত পথটোৰ চকলা চলকে এৰা বিটুমিনৰ দৃশ্যই হতচকিত কৰিছে স্থানীয় ৰাইজক।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি আৰু লুন্ঠন মিৰ্মূল কৰাৰ বাবে কঠোৰ স্থিতি গ্ৰহন কৰা হৈছে বুলি বাৰে বাৰে কৈ থকাৰ পাছতো এতিয়া এই স্থিতিকো প্ৰত্যাহ্বান জনাইছে একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে। যাৰ বাবে দৈনিক সংঘটিত কৰি আহিছে ব্যাপক অনিয়ম।

জিলাখনৰ বালিপৰাৰ উদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দিঘলী আদৰ্শ গাঁৱৰ পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক বিসংগতি। আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত এই গাঁৱখনত ১৫ বছৰৰ অন্তত আৱণ্টন হোৱা পথটো নিৰ্মাণৰ তিনি দিন নৌহওঁতেই চপৰা চপৰে এৰিছে পথৰ বিটুমিন।

মিচামাৰীৰ কে.কে.ট্ৰেড্ৰাচে ঠিকা লাভ কৰা এই পথটোত মাত্ৰ তিনি দিন পূৰ্বে দিয়া হৈছিল বিটুমিন। অভিযোগ অনুসৰি প্ৰতিষ্ঠানটোৱে যেনে-তেনে কোনো নিয়ম নমনাকৈ অতি কম সময়ৰ ভিতৰত তৎপৰতাৰে ধন উলিয়াই নিয়াৰ চেষ্টা চলাই এনেদৰে অতি নিন্ম মানৰ কামৰে নিৰ্মান কৰিছিল এই পথটো।

কিন্ত বৃহস্পতিবাৰে স্থানীয় ৰাইজে অতি নিন্মমানৰ কাম প্ৰত্যক্ষ কৰি এনেদৰে বিনা কষ্টৰে উলিয়াই পেলাই পথৰ ওপৰত স্থাপন কৰা কৰ্পেটিং। কেৱল হাতৰে দাঙি দিলেই চপৰা চপৰে ওলাই পৰে বিটুমিনযুক্ত কাৰ্পেটিং।

ইয়াৰ উপৰিও মাত্ৰ এডাল বাঁহৰ কামিৰে উলিয়াই দিলেই খহি পৰে বিটুমিন। অতি গুৰুত্বপূৰ্ণ এই পথটি নিৰ্মানত বিসংগতি ধৰা পেলাই স্থানীয় ৰাইজে। পথ নিৰ্মাণৰ নমুনা দেখি এতিয়া ক্ষোভিত ৰাইজে বন্ধ কৰি দিছে কাম।

উল্লেখ্য যে স্বয়ং মুখ্যমন্ত্ৰীৰ দ্বাৰা আৱণ্টিত এই পথটোৰ এতিয়া বিসংগতি দেখি সকলো ৰাইজ এতিয়া হতবাক হৈ উঠিছে। সমান্তৰালভাৱে লোকনিৰ্মান বিভাগৰ অভিযন্তকো বিভিন্ন প্ৰশ্নৰে ঠকাসৰকা কৰিছে।

ৰাইজৰ আপত্তিৰ পাছতো ৰহস্যজনকভাৱে ঘটনাস্থলীত উপস্থিত নহ'ল ঠিকাদাৰ। তাৰোপৰি সংবাদ মাধ্যমৰ আগত গা এৰা মন্তব্য দি দায় সাৰে লোকনিৰ্মান বিভাগৰ কনিষ্ঠ অভিযন্তাই।

এতিয়া প্ৰশ্ন হয়- যিসময়ত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি দেখুৱাই ৰাইজৰ মন জয় কৰা চৰকাৰখনৰ লোকনিৰ্মান বিভাগটো মুখ্যমন্ত্ৰীৰ হাতত থকাৰ পাছতো কেনেদৰে সংঘটিত হ'বলৈ পাইছে এনে অনিয়ম ?